দক্ষিণ শালমাৰা মানকাচৰ, ২৭ নৱেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে সমষ্টিটোত সম দৃষ্টি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। কেবল কালাপানী অঞ্চলত উন্নয়নত গুৰুত্ব দিয়া বিধায়ক জনৰ কাম কাজক লৈ সৰল হৈ পৰিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ আশাবাদী প্ৰাৰ্থী মুনিৰূতজামান ওৰফে মনি।
বিধায়ক জনক নিমাতী কইনা আখ্যা দি তেখেতে বিধায়ক হৈ মানকাচৰ জিলাৰ পথৰ কাম কাজ এতিয়াও কৰিব পৰা নাই কিয় বুলি প্ৰশ্ন তোলে। মানকাচৰ জিলাৰ গড়কপ্তানি বিভাগৰ ভয়ংকৰ জৰাজীৰ্ণ পথটো কিবা ৰহস্য চলিছে নেকি? উন্নয়ন কেবল কালাপানী অঞ্চলতে কিয় । তেখেতে অকল খালী কালাপানীৰ অঞ্চলৰ বিধায়ক ৰূপে পৰিগণিত নেকি বুলিও বিজেপিৰ আঁশাবাদী প্ৰাৰ্থী মুনিৰূতজামান ওৰফে মনিয়ে মন্তব্য প্ৰকাশ কৰে ।
মানকাচৰ জিলাৰ জৰাজীৰ্ণ পথটোৰ নিৰ্মাণৰ কাম কাজ নকৰাৰ আঁৰত ৰহস্যৰ কাহিনী কি? হাটশিঙিমাৰী পৰা মানকাচৰলৈকে কেৱল মাথো ২২ কিঃ মিঃ গড়কপ্তানি বিভাগৰ জৰাজীৰ্ণ ভয়ংকৰ পথৰ অৱস্থা দেখিলে ৰাজ্যৰ উন্নয়ন হোৱা বুলি মনলৈ নাহে। ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হোৱা পৰিলক্ষিত হৈছে। আৰু এই পথেৰে অহা যোৱা কৰোঁতে ধূলিময় পৰিস্হিতি বিৰাজ কৰে। ২২ কিলোমিটাৰ ভিতৰত গৰকপ্তানি বিভাগৰ ১ কিলোমিটাৰ সুচল পথ নাই। মানকাচৰ জিলাবাসীয়ে সৰ্বসাধাৰণ জনতাক জ্বলা কলা খুৱাইছে। এইটো পিছপৰা অঞ্চলজুৰি এটাই মাথোঁ প্ৰধান পথ। সৰ্বসাধাৰণ জনতাই যাতায়ত কৰোতে বহুতো অসুবিধাৰ সন্মুখীন হৈছে । বিগত বছৰ বছৰ ধৰি জনতাক যাতায়তৰ ক্ষেত্ৰত অসুবিধা দি আহিছে। দিনে নিশাই হেজাৰ হেজাৰ যান-বাহন যান্ত্ৰিক চলাচলত কৰে এই পথেদি । বিশেষকৈ প্ৰসূতি-গৰ্ভৱতী ৰোগীসকলকহাটশিঙিমাৰী জিলা চিকিৎসালয় লৈ যোৱাটো ভয়াৱহ বিপজ্জনক হৈ পৰিছে। যিকোনো মুহুৰ্ততে দূৰ্ঘটনা সংঘটিত হ’ব পাৰে। কেতিয়া নিৰ্মাণ হ’ব মানকাচবাসী ৰাইজৰ সপোনৰ সঠিক পথ। কোনোয়ে গা লৰা নাই আজিলৈকে পথটোৰ বাবে। আগন্তুক ২০২৬ ৰ বিধানসভা ৰাজনৈতিক নিৰ্বাচন আহি আছে। ২০২৬ৰ আগন্তুক মানকাচৰ সমষ্টিৰ বিজেপিৰ দলীয় সম্ভাব্য প্ৰাৰ্থীজনে মানকাচৰ জিলাৰ বিধায়ক আমিনুল ইছলামৰ বিষয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
