শিৱসাগৰ, ২৩ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমীৰ দিনা শিৱসাগৰত দেওবাৰে সংঘটিত হয় এক অঘটন। দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতেই আমগুৰি চাহবাগিছাত নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ যায় প্ৰায় ডেৰ লক্ষাধিক টকাৰ সম্পত্তি। আমগুৰি চাহ বাগিছাত ৰঞ্জন তচা নামৰ ব্যক্তি গৰাকীৰ গৃহত দেওবাৰে নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
স্থানীয় ৰাইজে জুই নুমোৱাবলৈ চেষ্টা কৰি থকাৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নিশাই ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত প্ৰায় ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ গৈছে। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক উপস্থিত নাছিল। ক্ষতিগ্ৰস্ত পৰিয়ালটোক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰলৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
