
গুৱাহাটী, ২৪ জুলাই (হি.স.)। বশিষ্ট আৰু যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা। বশিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাটৰ তেৰ মাইলত আটক দুৰ্ধৰ্ষ ন জনীয়া ডকাইতৰ দল। অসমৰ বিভিন্ন প্ৰান্তত ডকাইত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ডকাইতৰ দলটোৱে । নিশা এক গোপন তথ্যৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় বশিষ্ট আৰু যোৰাবাট আৰক্ষীৰ দলে।
লগতে জব্দ কৰে এখন নম্বৰ প্লেট বিহীন ট্ৰাক, ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰু তিনিখন নম্বৰ প্লেট। ডকাইত কেইজন ক্ৰমে মফিদুল আলি, গাজিয়া ৰহমান ,সমীৰ আলি, মমিনুৰ আলি, খাইৰুল হক, নিৰঞ্জন ৰাভা, মঞ্জুৰ আলি, ফজল হক আৰু মহৰ আলি ।
ইয়াৰে মফিদুল আলি, গাজিয়া ৰহমান ,সমিৰ আলি আৰু মমিনুৰ আলিৰ ঘৰ গোৱালপাৰাত। খাইৰুল হক নিৰঞ্জন ৰাভা, আৰু মঞ্জুৰ আলিৰ ঘৰ বকোত । ফজল হক আৰু মহৰ আলিৰ ঘৰ ছয়গাঁওত। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত পূৰ্বেও বহুবাৰ ডকাইতি কৰি জেল হাজোতলৈ গৈছিল ডকাইতৰ দলটো।
হিন্দুস্থান সমাচাৰ / Narayan Kar
