
তিনিচুকীয়া, ১০ ডিছেম্বৰ (হি.স.): ৰাজ্যৰ চৌদিশে এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত পৰিৱেশ । কৰবাত যদি গোপীৰ আখৰা, কৰবাত আকৌ কংসালয়ৰ আখৰা । সমান্তৰালকৈ ৰাসৰ বাবে ব্যস্ততাৰ অন্ত নাই অভিনেতা অভিনেত্ৰী সকলৰ ৷ মাৰ্ঘেৰিটাত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে যোৱাকালি সন্ধিয়াৰে পৰা আৰম্ভ হৈছে শ্ৰী কৃষ্ণৰ পুৰ্নাঙ্গ মহাৰাস উৎসৱ ৷
মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত ৯ আৰু ১০ ডিচেম্বৰ তাৰিখে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে শ্ৰী কৃষ্ণৰ মহাৰাস ৷ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মহাৰাসৰ আজি প্ৰথম দিনা বিভিন্ন প্ৰান্তৰৰ ভকত বৈষ্ণৱৰ আগমন ঘটে ৷ নামপ্ৰসঙ্গৰে মুখৰিত হল মহাৰাসস্থলী ৷ উল্লেখ্য যে আজি দ্বিতীয় দিনা কৃষ্ণৰ পুৰ্নাঙ্গ মহাৰাস উৎসৱত অভিনয় কৰিব অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী আৰু মেঘৰঞ্জনী মেধিয়ে ৷ এই উপলক্ষ্য়ত ৰাইজৰ মাজত যথেষ্ট উল্লাস উদ্দিপনা দেখা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
