হোজাই, ১৯ আগষ্ট (হি.স.)। হোজাই জিলাৰ লামডিঙত সোমবাৰে নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী। লামডিং লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয়।
দুৰ্ঘটনাগ্ৰস্ত দুই যুবকৰ নাম অশোক ছেত্ৰী আন জনৰ নাম বাপন সাহা। দুয়োৰেই ঘৰ লামডিং ১ নং খাংগাৰ গাঁৱত।
দুই বন্ধুয়ে বাইক লৈ লংকাৰ পৰা লামডিং অভিমুখী আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত পৰি থকা অবস্থাত দুই যুবকক পথাচাৰীয়ে অতি সংকটজনক অৱস্থাত ততাতয়াকৈ লামডিং অসামৰিক চিকিৎসালয়ত লৈ আনে। ইফালে প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত চিকিৎসকে দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে লামডিং লংকা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো দুৰ্ঘটনাৰ কৰিডৰ হৈ পৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
