ধুবুৰী, ১৯ অক্টোবৰ । ধুবুৰীৰ বংশীৰ চৰত চোৰাং পশুধনৰ বিৰুদ্ধে বি এছ এফৰ অভিযান চলে। এই অভিযানত জব্দ কৰা হৈছে ২১ টা চোৰাং গৰু। বাংলাদেশ লৈ চোৰাং সৰবৰাহৰ বাবে অনা হৈছিল পশুধনসমূহ।
আজি পূৱাৰ ভাগত বিএছ এফৰ অভিযানত চৰ অঞ্চলটোৰ পৰা গৰু কেইটা জব্দ কৰা হয় । উল্লেখ্য যে ধুবুৰীৰ বিভিন্ন গোপন পথেৰে আজিও বাংলাদেশ লৈ অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ।
