
বঙাইগাঁও, ০৩ জানুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ ৰঙাপানীৰ শিমলাবাৰীৰ সেনাবাহিনীৰ জোৱান আব্দুছ ছালামৰ নশ্বেৰদেহ স্বগৃহলৈ অনা হৈছে। জোৱানজনৰ পাৰ্থিৱ শৰীৰ নিজ ঘৰ আহি পোৱাৰ লগে লগে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
জানিব পৰা মতে – মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী১ ম খণ্ড গাঁৱৰ অৰুণাচলত সেনাবাহিনীৰ ছুবেদাৰ পদত কৰ্মৰত আব্দুছ ছালামৰ যোৱা পহিলা জানুৱাৰীত অৰুণাচল প্ৰদেশত এক ভয়ংকৰ পথ দূৰ্ঘটনাত মৃত্যু হয়। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লগে লগেই চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত্যু বুলি ঘোষণা কৰে। সেনা জোৱানজনে কৰ্তব্যত গৈ থকা অৱস্থাত গাড়ীৰ ব্ৰেকফেইল হৈ মৃত্যুমুখত পৰে যদিও আন কেইবাজনো সেনা গুৰুতৰ বাবে আহত হয়। আজি পুৱতি নিশা সেনা জোৱানজনৰ নশ্বেৰদেহ ঘৰলৈ লৈ অনা হয়। আজি পুৱা প্ৰায় ১১বজাত ইছলামিক নিয়মমতে জানাজা সম্পূৰ্ণ হ’ব। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, দুটি সন্তান তথা অসংখ্য গুণমুগ্ধক এই সংসাৰত থৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
