গোলাঘাট, ০৩ জানুৱাৰী (হি স)। সৰ্বভাৰতীয় নৃত্য, নাট্য, লোকসংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটাক লৈ দেৰগাঁৱত বৃহৎ আয়োজন কৰা হৈছে। নৃত্যাঞ্জলি কলা কেন্দ্রৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আয়োজিত সৰ্বভাৰতীয় পৰ্যায়ৰ এই মহোৎসৱত অংশ ল’ব দেশৰ বাৰখন ৰাজ্যৰ প্ৰতিযোগী দলে । জানুৱাৰীৰ ৪, ৫,৬,৭ আৰু ৮ তাৰিখে গোলাঘাটৰ দেৰগাঁৱত নৃত্যাঞ্জলি কলা কেন্দ্ৰই আয়োজন কৰিছে এই সৰ্বভাৰতীয় সাংস্কৃতিক মহোৎসৱ।
ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি-সংষ্কৃতিৰে মুখৰিত হ’ব দেৰগাঁও । ডেৰকুৰি বৰেণ্য ব্যক্তিক প্ৰদান কৰা হ’ব নৃত্যাঞ্জলি বঁটা । সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব নীল আকাশ, আচুৰ্য বৰপাত্ৰ, কুসুম কৈলাশৰ লগতে যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। পাঁচদিনীয়া এই মহোৎসৱক লৈ সাজু হৈ উঠিছে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰ ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
