শিৱসাগৰ, ১৩ ডিচেম্বৰ (হি.স.)। আজি পৰিৱহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে মটৰ চাইকেল চলাই শিৱসাগৰ চহৰত উপস্থিত হয়হি মন্ত্ৰী গৰাকী।
যান বাহন চলাওঁতে নীতি নিৰ্দেশনা মানি যাতে চলাই নিজৰ লগতে আনৰো জীৱন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে পথ সুৰক্ষাৰ জন আন্দোলন অব্যাহত ৰাখিছে মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে মটৰ চাইকেলেৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে পথ সজাগতা সভাতো অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
