কোকৰাঝাৰ, ০৬ নৱেম্বৰ (হি.স.): অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ পৰা উত্তৰ প্ৰদেশৰ এজন যুৱক নিৰুদ্দেশ হৈ পৰিছে । উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত ইউ পি ৬৫ ই টি- ৭১৩৬ নম্বৰৰ এখন ট্ৰাকৰ খালাচী তথা উত্তৰ প্ৰদেশৰ গাজিপুৰৰ বাসিন্দা ইন্দ্ৰ কুমাৰ প্ৰজাপতি যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
ইফালে ২৪ ছেপ্টেম্বৰত ঘৰৰ পৰা ওলাই অহাৰ পাছত ভাতৃৰ সন্ধান নাপাই সন্ধানহীন ইন্দ্ৰ কুমাৰ প্ৰজাপতিৰ ককায়েক বিজয় বাহাদুৰ প্ৰজাপতিয়ে অসম লৈ আহি গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীত বুধবাৰে নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। ইন্দ্ৰদেৱ প্ৰজাপতি (৪৫)ক উত্তৰ প্ৰদেশৰ গাজিপুৰৰ একেখন গাঁৱৰ বাসিন্দা তথা উল্লিখিত নম্বৰৰ ট্ৰাকখনৰ চালক হিমাংশু কুমাৰ ওৰফে বালাই অসমলৈ লৈ আনে। শ্ৰীৰামপুৰৰ পৰা ২৮ ছেপ্টেম্বৰত ইন্দ্ৰদেৱ নিৰুদ্দেশ হৈ পৰে বুলি চালকজনে পৰিয়ালৰ লোকক জনায়।
ইমান দিন ধৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পাছতো ভাতৃৰ সন্ধান নাপাই আৰক্ষীৰ ওচৰত নিৰুদ্দিষ্ট ভাতৃৰ সন্ধান কৰিবলৈ আবেদন জনায়। লগতে যদি কোনোবাই সন্ধান লাভ কৰে ৯৬৭০৩৩০৭৬৮ আৰু ৯৫০৬৪৬০৮৮২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ভুক্তভোগীৰ পৰিয়ালটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
