বাক্সা, ০৪ আগষ্ট (হি.স.): আজি বাক্সাত উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। জিলাখনৰ দুখনকৈ কাৰ্যকৰ্তা সন্মিলনত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী গৰাকীয়ে।
আজি ৰাতিপুৱা ১০ বজাত অংশগ্রহণ কৰিব মুছলপুৰ পৰিষদীয় সমষ্টিৰ অদালবাৰীত। আনহাতে আবেলি ২ বজাত অংশগ্রহণ কৰিব মথনগুৰি পৰিষদীয় সমষ্টিৰ মাজৰগাঁৱত। দুয়োখন সন্মিলনত কেবাগৰাকীও মন্ত্রী, বিধায়কে সংগ দিব মুখ্যমন্ত্রী গৰাকীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
