
ধেমাজি, ১৭ অক্টোবৰ (হি.স.): ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰত যোৱাকালি আবেলি এগৰাকী ১৪ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। ১ নং ভৈৰৱপুৰৰ অৰুণ দাসৰ পুত্ৰ নবীন দাস (১৪) নামৰ শিশু জনৰ অৰ্ধগলিত হৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি ১১ তাৰিখৰ পৰা নিৰুৰ্দেশ হৈ আছিল নবীন দাস। সেয়া হত্যা নে আত্মহত্যা কাৰণ জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
