শ্ৰীভূমি, ০২ জুলাই (হি.স.)। শ্ৰীভূমি জিলাৰ বদৰপুৰত হিন্দু এলেকাত গৰু জবাই, দুটা স্থানত আৰক্ষীৰ অভিযান, আটক কৰা হৈছে দুজন লোকক। জানিব পৰা অনুসৰি বদৰপুৰ থানাৰ অন্তৰ্গত হৰিণাডিক আৰু বেন্দাৰগুল এলেকাৰ পৰা উদ্ধাৰ কৰা হৈছে এই গোমাংস। আৰক্ষীয়ে ততপৰতাৰে অভিযান চলায় এই ঘটনাত জড়িত দুজন লোকক আটক কৰে। হিন্দু লোকৰ বসতি প্ৰধান অঞ্চলটোত আৰু মন্দিৰৰ কাষৰীয়া স্থানত গোপনে এনেদৰে গৰু জবাই কৰাৰ নিশ্চিত তথ্য লাভ কৰি অভিযান চলায় বদৰপুৰ আৰক্ষীয়ে।
এই খবৰ পাই ভাংগা ৱাচ পোষ্টৰ ইনচাৰ্জ এছআই দিবাকৰ গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল অভিযান চলায় হৰিণাডিক এলেকাৰ আনাম উদ্দিনৰ ঘৰত। একে সময়তে, এছআই মিণ্টু কুমাৰ দাসৰ নেতৃত্বত আন এটা দল বেন্দাৰগুলৰ আব্দুৰ ৰহিমৰ ঘৰত অভিযান চলায়। উভয় স্থানৰ পৰা বিপুল পৰিমাণে নিষিদ্ধ গোমাংস আৰু জবাইৰ উপকৰণ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। ঘটনাস্থলৰ পৰা দুয়োজন লোকক আটক কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে পশু কল্যাণ আইনৰ অধীনত মামলা ৰুজু কৰা হৈছে।
হিন্দু সম্প্ৰদায়ৰ আৰু ধৰ্মীয় স্থলৰ কাষত এনে কাৰ্যকলাপে সমাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পাৰে, এনে কাৰ্যকলাপ সহ্য কৰা নহ’ব বুলি আৰক্ষীয়ে জনাইছে। বৰ্তমান তদন্ত চলি আছে আৰু প্ৰয়োজন হ’লে আৰু অধিক লোক গ্ৰেপ্তাৰ হ’ব পাৰে। এই ঘটনাৰ পিছত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহুতেই আৰক্ষীৰ তৎপৰতাৰ প্ৰশংসা কৰিছে আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
