• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ক’ৰোনা ভেকচিন আৰু হাৰ্ট এটেকত হোৱা মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাইঃ স্বাস্থ্য মন্ত্ৰালয়
National

ক’ৰোনা ভেকচিন আৰু হাৰ্ট এটেকত হোৱা মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাইঃ স্বাস্থ্য মন্ত্ৰালয়

CliQ INDIA
Last updated: July 3, 2025 3:25 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০২ জুলাই (হি.স.)। শেহতীয়াকৈ দেশত হাৰ্ট এটেকৰ ফলত আকস্মিক মৃত্যুৰ বহু ঘটনা দেখা গৈছে। ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে ইয়াৰ কৰোনা ভেকচিনৰ লগত কোনো সম্পৰ্ক আছে নেকি? এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-১৯ ভেকচিন সন্দৰ্ভত চলি থকা এই সকলোবোৰ উৰাবাতৰি খাৰিজ কৰাৰ সমান্তৰালকৈ স্পষ্ট কৰি দিয়ে যে দেশৰ বহু সংস্থাৰ জৰিয়তে হঠাৎ অস্পষ্ট মৃত্যুৰ ঘটনাৰ তদন্ত কৰা হৈছে। এই অধ্যয়নসমূহে নিৰ্ণায়কভাৱে প্ৰতিষ্ঠা কৰিছে যে দেশত ক’ৰোনা টিকাকৰণ আৰু হঠাৎ মৃত্যুৰ খবৰৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ) আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এন চি ডি চি)ৰ অধ্যয়নত ভাৰতত কৰ’না ভেকচিনসমূহ নিৰাপদ আৰু ফলপ্ৰসূ, ইয়াৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত অতি কম সংখ্যক ৰোগীয়েই নিশ্চিত হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে হঠাৎ হৃদযন্ত্ৰৰ ফলত হোৱা আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে জেনেটিক্স, জীৱনশৈলী, পূৰ্বতে থকা ৰোগ আৰু ক’ভিডৰ পিছৰ জটিলতা আদি। হঠাৎ অস্পষ্ট মৃত্যুৰ আঁৰৰ কাৰণ বুজিবলৈ আইচিএমআৰ আৰু এনচিডিচিয়ে একেলগে কাম কৰি আছে। ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এই বিষয়ে বিশেষভাৱে অন্বেষণ কৰিবলৈ বিভিন্ন গৱেষণা পদ্ধতি ব্যৱহাৰ কৰি দুটা পৰিপূৰক অধ্যয়ন কৰা হৈছিল। এটা অতীতৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটো বাস্তৱ সময়ৰ তদন্তৰ সৈতে জড়িত।

আইচিএমআৰৰ নেচনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি (এনআইই)ৰ দ্বাৰা কৰা প্ৰথমটো অধ্যয়নৰ শিৰোনাম আছিল ভাৰতত ১৮-৪৫ বছৰ বয়সৰ প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যুৰ সৈতে জড়িত কাৰকসমূহ – এটা বহুকেন্দ্ৰিক মেচড কেছ-কণ্ট্ৰল অধ্যয়ন। ২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন তৃতীয় পৰ্যায়ৰ চিকিৎসালয়ত এই অধ্যয়ন কৰা হৈছিল। ইয়াত এনে ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছিল যিসকল ব্যক্তি সুস্থ যেন লাগিছিল যদিও ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত হঠাতে মৃত্যু হৈছিল।এই তথ্যই নিৰ্ণায়কভাৱে প্ৰমাণ কৰিছে যে ক’ভিড-১৯ৰ টিকাকৰণে যুৱ প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি নকৰে।

মন্ত্ৰালয়ে আৰু জনাইছে যে এই সন্দৰ্ভত “যুৱক-যুৱতীৰ হঠাৎ অস্পষ্ট মৃত্যুৰ কাৰণসমূহ স্পষ্ট কৰা”, শীৰ্ষক দ্বিতীয়টো অধ্যয়ন আইচিএমআৰৰ পুঁজি আৰু সহযোগিতাত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ), নতুন দিল্লীয়ে চলাই আছে। যুৱ প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যুৰ সাধাৰণ কাৰণ নিৰ্ণয় কৰাৰ লক্ষ্যৰে এইটো এটা সম্ভাৱ্য অধ্যয়ন। অধ্যয়নৰ তথ্যৰ প্ৰাৰম্ভিক বিশ্লেষণে ইংগিত দিয়ে যে এই বয়সৰ গোটত হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কচন (এমআই) হঠাৎ মৃত্যুৰ প্ৰধান কাৰণ হৈয়েই আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, পূৰ্বৰ বছৰৰ তুলনাত কাৰণৰ আৰ্হিত কোনো ডাঙৰ পৰিৱৰ্তন দেখা নগ’ল। বেছিভাগ অস্পষ্ট মৃত্যুৰ ক্ষেত্ৰত জিনীয় মিউটেচনক এই মৃত্যুৰ সম্ভাৱ্য কাৰণ হিচাপে চিনাক্ত কৰা হৈছে। অধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছত চূড়ান্ত ফলাফল শ্বেয়াৰ কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই দুয়োটা অধ্যয়নে দেখুৱাইছে যে ভাৰতত যুৱ প্ৰাপ্তবয়স্কৰ হঠাৎ অস্পষ্ট মৃত্যুৰ কাৰণ কোভিড-১৯ টিকাকৰণৰ সৈতে জড়িত নহয়। বৈজ্ঞানিক বিশেষজ্ঞসকলে পুনৰ কয় যে কোভিড টিকাকৰণক হঠাৎ মৃত্যুৰ সৈতে জড়িত কৰা বক্তব্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ, আৰু বৈজ্ঞানিক সহমতৰ দ্বাৰা সমৰ্থিত নহয়। নিৰ্ণায়ক প্ৰমাণ অবিহনে জল্পনা-কল্পনামূলক দাবীয়ে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভেকচিনৰ প্ৰতি জনসাধাৰণৰ আস্থাক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি পুনৰ বিহাৰৰ নেতৃত্ব ল’ব নীতিশ কুমাৰ, শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ
ভাৰতৰ ‘বিভাজন ভয়ানক সোঁৱৰণী দিৱস’-এ আমাক স্থায়ী দায়িত্বৰ কথা সোঁৱৰাই দিয়েঃ প্ৰধানমন্ত্ৰী মোডী
Rahul Gandhi Alleges FCRA Amendments Favour RSS, Warns of Increased Curbs on Civil Society Organisations
Sensex-এ 76,000 অংক পুনৰুদ্ধাৰ কৰিলে, শক্তিশালী বজাৰ উত্থানত নিফ্টী 172 পইণ্ট উৰ্ধমুখী
প্ৰধানমন্ত্ৰী মোদীয়ে ষ্ট্ৰেটেজিক নৰ্ডিক কূটনৈতিক ভ্ৰমণৰ সময়ত ভাৰত-নৰৱে অংশীদাৰিত্বৰ গভীৰতা বৃদ্ধি কৰে।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article খাইবাৰ পাখতুনখোৱাৰ বাজাউৰত বিস্ফোৰণ, সহকাৰী আয়ুক্তকে ধৰি পাঁচজন নিহত
Next Article শ্ৰীভূমি জিলাৰ বদৰপুৰত হিন্দু এলেকাত গৰু জবাই, দুজনক আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?