শ্বিলং, ২৪ জুন (হি.স.)। ইষ্ট খাছি পাহাৰ জিলা আৰক্ষীয়ে শ্বিলঙলৈ ফুৰিবলৈ অহা মুম্বাইৰ ৱবিবাহিত দম্পতী আৰু তেওঁলোকৰ পৰিয়ালৰ সা সামগ্ৰী লুটি নিয়াৰ অভিযোগত ২৪ ঘণ্টাৰ ভিতৰত চাৰিটা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে। চুৰি হোৱা সামগ্ৰীসমূহো উদ্ধাৰ কৰা হৈছে।
জানিবপৰা মতে মঙলবাৰে ইষ্ট খাছি পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক ছিমে কয় যে মুম্বাইৰ পৰা অহা পৰ্যটকৰ সা সামগ্ৰী নগদ ধন চুৰি কৰাৰ এদিনৰ ভিতৰতে জিলা আৰক্ষীয়ে অসাধাৰণ দক্ষতাৰে চাৰিজন সন্দেহযুক্ত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক বিবেক ছিমে কয় যে আৰক্ষীয়ে ধৃত লোকসকলৰ হাতত থকা নগদ ৫০ হাজাৰ টকা আৰু এটা আইফোন ১৩ কে ধৰি সকলো চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে।
আৰক্ষী অধীক্ষকে জনোৱা মতে, ২২ জুনৰ নিশা প্ৰায় ৮ বজাত মুম্বাইৰ বাসিন্দা জয় নন্দকিশোৰ যোশী, তেওঁৰ পত্নী আৰু এহাল নৱবিবাহিত দম্পতীয়ে মৌব্ৰেৰ মহিন্দ্ৰা শ্ব’ৰুমৰ ওচৰত নিজৰ পুৰণি টয়োটা ইনোভা গাড়ীখন ৰখাই ‘বাই দ্য ৱে ৰেষ্টুৰেণ্ট’ত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল।
ৰাতিৰ আহাৰ খোৱাৰ পিছত পৰ্যটকসকলে উভতি আহি দেখিলে যে তেওঁলোকৰ গাড়ীৰ খিৰিকীৰ আইনা ভাঙি আছে আৰু লগতে তেওঁলোকৰ সামগ্ৰী চুৰি হৈছে। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে নগদ ৫০ হাজাৰ টকা, এটা আইফোন ১৩ আৰু আন কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী। পিছত তেওঁলোকে মদনৰাটিং থানাত এই ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে।
আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে অভিযোগ লাভ কৰাৰ পিছত লগে লগে গোচৰ ৰুজু কৰা হয় আৰু মদনৰাটিং আৰক্ষী থানাৰ এটা বিশেষ দলে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰে। অভিযানৰ অন্তত বিশেষ আৰক্ষী দলটোৱে যোৱা নিশা (২৩ জুন) মৌব্ৰেৰ ব্লক বিৰ পৰা চাৰিজন সন্দেহযুক্ত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী অধীক্ষক বিবেক ছিমে জানিবলৈ দিয়া মতে, ধৃত দুষ্কৃতিকাৰী চাৰিজন হৈছে মাউবলেইৰ বাসিন্দা চাফ্ৰাং নাংকিউ ছুটং (২৪), লাইটকাৰ নাংলুমৰ বাসিন্দা ৱাঞ্জাপ খাৰুমনুইদ (২৩), উম্ফিৰনাইৰ বাসিন্দা আলবাৰ্টষ্টাৰ খাৰহুজান (২২), ডেমথ্ৰিং ব্লকৰ বাসিন্দা মাইকেল নাংলুম (৪৫)।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
