
—অমিত শ্বাহ, ইউ পি, উত্তৰাখণ্ড, সাংসদ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলৰ এই বৈঠকত অংশগ্ৰহণ
—সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী যোগীয়ে গৃহমন্ত্ৰীক স্মৃতিগ্ৰন্থ দি আদৰণি জনায়
বাৰাণসী, ২৪ জুন (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মধ্য আঞ্চলিক পৰিষদৰ ২৫ সংখ্যক বৈঠক মঙলবাৰৰ পৰা দেশৰ সাংস্কৃতিক ৰাজধানী কাশীৰ নাদেছাৰৰ তাৰকা যুক্ত তাজ হোটেলত আৰম্ভ হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপৰিও মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ, এই ৰাজ্যসমূহৰ মুখ্য সচিব আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে অংশগ্ৰহণ কৰিছে।
বৈঠকৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক স্মৃতিগ্ৰন্থ প্ৰদান কৰি আদৰণি জনায়। এই বৈঠকত সামাজিক উন্নয়ন, পৰিবহণ, সীমা বিবাদ, আইন-শৃংখলা, পৰিৱেশ আৰু সংখ্যালঘুৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হৈছে। বিশেষকৈ যিবোৰ বিষয় কেন্দ্ৰৰ সহায় অবিহনে ৰাজ্যসমূহে সমাধান কৰিব নোৱাৰে সেইবোৰ বিষয়তো আলোচনা কৰা হ’ব বুলি বিশ্বাস কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ সম্পত্তি, পানীৰ বিবাদ বা সীমা বিবাদৰ সৈতে জড়িত বিষয়সমূহো অন্তৰ্ভুক্ত হ’ব পাৰে। ইয়াৰ উপৰিও সামাজিক উন্নয়ন, পৰিৱেশ, আইন-শৃংখলাকে ধৰি আন বহু বিষয়ৰ ওপৰতো আলোচনা কৰা হ’ব।
এই বৈঠকৰ পূৰ্বে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী ধামীয়ে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে সমসাময়িক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দেৱভূমি উত্তৰাখণ্ডৰ চাৰিটা ধামৰ পবিত্ৰ প্ৰসাদো প্ৰদান কৰে।
বাবা বিশ্বনাথৰ দৰবাৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী
মধ্য আঞ্চলিক পৰিষদৰ ২৫ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিবলৈ কাশীত উপস্থিত হোৱা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে মঙলবাৰে যথাযথভাৱে শ্ৰী কাশী বিশ্বনাথ আৰু কাল ভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰে। এই সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ সুখ, সমৃদ্ধি আৰু প্ৰগতিশীল অগ্ৰগতিৰ কামনা কৰে।
মঙলবাৰে মুখ্যমন্ত্ৰী ড০ মোহনে প্ৰথমে শ্ৰী কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হয়, য’ত তেওঁ মন্দিৰৰ গৰ্ভ গৃহত বাবাৰ পবিত্ৰ জ্যোতিৰ্লিংগৰ অভিষেক কৰে। ইয়াৰ পিছত তেওঁ কাশী বিশ্বনাথ ধাম চৌহদ পৰিদৰ্শন কৰে। মন্দিৰ চৌহদত চলি থকা ব্যৱস্থা আৰু ভক্তসকলৰ বাবে কৰা সা-সুবিধাৰ বাবেও মুখ্যমন্ত্ৰীয়ে শলাগ লয়। এই উপলক্ষে তেওঁ কয় যে বাবা বিশ্বনাথৰ নগৰ কাশী আধ্যাত্মিক চেতনাৰ কেন্দ্ৰবিন্দু আৰু তেওঁ ইয়ালৈ আহি আধ্যাত্মিক শান্তি অনুভৱ কৰে।
ভগৱান কাল ভৈৰৱৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে ৰাজ্যখনৰ সকলো ৰাইজ আৰু ভক্তৰ ওপৰত সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
