ধুবুৰী, ১৮ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাত নাথ যোগী জনগোষ্ঠীৰ পৰম্পৰাগত কাৰ্ত্তিকা উৎসৱ উদযাপন। কাতি মাহৰ অন্তিম দিনটোত আধ্যাত্মিকতাত বিশ্বাসী জনগোষ্ঠীৰ এই লোক উৎসৱ বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰি আহিছে।
বিলাসীপাৰাৰ পুৰাণ লাউপাৰা শিৱ মন্দিৰ প্ৰাঙ্গনত দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উৎসৱটি । সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু বিলাসীপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত শ শ নাথ যোগী সম্প্ৰদায়ৰ মহিলা যুৱতীয়ে জনগোষ্ঠীটোৰ নিজস্ব ক”লা কৃষ্টিৰে উদযাপন কৰে কাৰ্ত্তিকা উৎসৱ।
উল্লেখযোগ্য এই অনুষ্ঠানত জনগোষ্ঠীটোৰ ৭০০০ মহিলা আৰু যুৱতীৰ দ্বাৰা অন্যতম কৃষ্টি আৰু পৰম্পৰাৰ কাৰ্ত্তিকা নৃত্য প্ৰদৰ্শন কৰা হ”য় । উক্ত অনুষ্ঠানত নাথ যোগী জনগোষ্ঠীয় মহিলা যুৱতী সকলে মুলত কাৰ্তিক দেৱতাৰ পূজা অৰ্চনা কৰে |
আনহাতে আধ্যাত্মিকতাত বিশ্বাসী নাথ যোগী জনগোষ্ঠীটোৰ এই লোক উৎসৱৰ দিনটো চৰকাৰী ভাৱে অৰ্ধ ছুটি ঘোষণা কৰাৰ দাবী জনায় কেন্দ্ৰীয় নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।কাৰ্যসূচীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথৰ লগতে ছাত্ৰ সংগঠনটোৰ বিভিন্ন বিষয়া ববীয়া সকলে উপস্হিত থাকে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
