দক্ষিণ শালমাৰা, ০১ জানুৱাৰী (হি.স.)। নৱ বৰ্ষৰ প্ৰথমটো দিনতেই দক্ষিণ শালমাৰাৰ বালাডুবাত অঘটন।বালাডুবাৰ পৰা দক্ষিণ শালমাৰালৈ যোৱা পাৰঘাটত সংঘটিত এক দূৰ্ঘটনা। নাওঁৰ পৰা ভৰি পিচল খাই বাগৰি পৰে জিনজিৰাম নৈৰ বুকুত৷ নৈৰ গভীৰ পানীত বুৰযোৱাৰ লগে লগে সন্ধানহীন হয় ৩৯ বছৰেকীয়া ছাইফুল ৰহমান মোল্লাই।
দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ লক্সৰৰ নেতৃত্বত থানা আৰক্ষীৰ দল আৰু স্থানীয় ৰাইজে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও ১৪ ঘণ্টা পিছত ছাইফুল ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷বৰ্তমানৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে দক্ষিণ শালমাৰা থানা আৰক্ষীয়ে ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয়ৈ প্ৰেৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
