শোণিতপুৰ, ১৭ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হৈছে এক নৃশংস ঘটনা! ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ, হত্যা কৰি জ্যেষ্ঠ ভাতৃক পুতি থলে গাঁতত। ৰাতিপুৱা ৰাইজে জিনি দাহাংগাক নেদেখি সন্দেহ কৰে। কাৰণ নিশা দুয়োৰে মাজত কাজিয়া হোৱা গম পাইছিল আন এজন ভাতৃয়ে। ৰাইজে সোধা পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ অহাত ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়ে। জিনি দাহাংগা নামৰ লোকজনক হত্যা কৰি পুতি থয় ভাতৃয়ে।
বনিপাচ দাহাংগা আৰু জিনি দাহাংগাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। অত্যধিক মদ্যপান কৰি থকা বনিপাচ দাহাংগাই লেহাৰ ৰডেৰে ককায়েক জিনি’ক মূৰত প্ৰহাৰ কৰাত ঘটনাস্থলীতে মৃত্যু হয়। পাছত ভাতৃ বনিপাচ দাহাংগাই অতি গোপনে ঘৰৰ কাষৰ বাৰীত গাঁত খান্দি ককায়েকৰ মৃতদেহ পুতি থয়। ৰাতিপুৱা ৰাইজে জিনি দাহাংগাক নেদেখি সন্দেহ কৰে। কাৰণ নিশা দুয়োৰে মাজত কাজিয়া হোৱা গম পাইছিল আন এজন ভাতৃয়ে। ৰাইজে সোধা পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ অহাত ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে গাঁত খান্দি জিনি দাহাংগাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ৰঙাপৰা আৰক্ষীয়ে ঘাতক বনিপাচ দাহাংগাক গ্ৰেপ্তাৰ কৰিছে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
