
গোলাঘাট, ২৯ জুলাই (হি.স.)। আজিৰ পৰা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ইতিমধ্যে উৰিয়ামঘাটত উপস্থিত হৈছে দুই হেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী । সাজু কৰা হৈছে ১০০ কৈও অধিন এক্সাভেটৰ।
জানিব পৰা মতে অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বাৰ খন গাৱঁত আজি প্ৰশাসনৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ আৰম্ভ হ’ব।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
