নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দেওবাৰে আগন্তুক ত্ৰিকোণীয় শৃংখলা (ট্ৰাই ছিৰিজ) আৰু এছিয়া কাপ ২০২৫ৰ বাবে ১৭ জনীয়া দল ঘোষণা কৰে। অভিজ্ঞ বেটছমেন বাবৰ আজম আৰু মহম্মদ ৰিজৱানক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ তথ্য অনুসৰি ছলমান আলী আঘাই ত্ৰিকোণীয় শৃংখলা আৰু তাৰ পিছত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ বাবে পাকিস্তানী দলটোক নেতৃত্ব দিব। পাকিস্তানৰ ১৭ জনীয়া দলটোত আছে ফখৰ জামান, শ্বাহীন আফ্ৰিদী, হৰিছ ৰাউফ, হাছান আলী আৰু ফাহীম আশ্ৰাফৰ দৰে গুৰুত্বপূৰ্ণ খেলুৱৈ। ছেম আয়ুব, হাছান নৱাজ, মহম্মদ হাৰিছৰ দৰে যুৱ খেলুৱৈয়েও দলত স্থান লাভ কৰিছে।
পাকিস্তানৰ দলটোৱে প্ৰথমে ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰৰ ভিতৰত ইউ এ ই আৰু আফগানিস্তানৰ সৈতে ট্ৰাই ছিৰিজত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত দলটোৱে ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৫ত খেলিব। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ২৮ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব।
পাকিস্তানৰ দল
ছলমান আলী আঘা (অধিনায়ক), আব্ৰাৰ আহমেদ, ফাহিম আশ্ৰফ, ফাখৰ জামান, হৰিছ ৰাউফ, হাছান আলী, হাছান নৱাজ, হুছেইন তালাত, খুছদিল শ্বাহ, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ, চাহিবজাদা ফাৰহান, ছাইম আয়ুব, ছলমান মিৰ্জা, শ্বাহীন শ্বাহ আফ্ৰিদি আৰু চুফিয়ান মকিম।
ত্ৰিকোণীয় শৃংখলাৰ সূচী (শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত সকলো খেল)
২৯ আগষ্ট- আফগানিস্তান বনাম পাকিস্তান
৩০ আগষ্ট- ইউ এ ই বনাম পাকিস্তান
১ ছেপ্টেম্বৰ- ইউ এ ই বনাম আফগানিস্তান
২ ছেপ্টেম্বৰ- পাকিস্তান বনাম আফগানিস্তান
৪ ছেপ্টেম্বৰ- পাকিস্তান বনাম ইউ এ ই
৫ ছেপ্টেম্বৰ- আফগানিস্তান বনাম ইউ এ ই
৭ ছেপ্টেম্বৰ- ফাইনেল
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
