হাইলাকান্দি, ১৬ জানুৱাৰী (হি.স.)। মাঘৰ প্ৰথমটো দিনত হাইলাকান্দিত অঘটন । হাইলাকান্দিৰ কাটাখালত দুৰ্ঘটনাগ্ৰস্থ পিকনিকলৈ যোৱা এখন যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গাড়ী ।
জানিব পৰা অ্ৰনুসৰি এ এছ ১১ বি চি ২১০২ নম্বৰৰ এখন ট্ৰেভেলাৰ গাড়ীয়ে বনভোজৰ এটা দলক লৈ গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা এখন অন্যবাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বনভোজকাৰী দলৰ ট্ৰেভেলাৰ খনে তীব্ৰ বেগেৰ গৈ আছিল আৰু এখন অল্টো গাড়ীৰে মুখামুখি সংঘৰ্ষত হয়। এই দুৰ্ঘটনা ইমান ভয়ংকৰ আছিল যে ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ২৪ গৰাকীকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। ইয়াৰ মাজৰে চাৰি গৰাকীকৈ লোকক অতি সংকটজনক অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
