নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ‘নমো নৱভোটাৰ অভিযান’ আৰম্ভ কৰিব। এই তথ্য বিজেপিয়ে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি, নড্ডাই আজি দুপৰীয়া এক বজাত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত ‘নমো নৱভোটাৰ অভিযান’ শুভাৰম্ভ কৰিব। এই উপলক্ষে নড্ডাই প্ৰায় ২০০ নতুন ভোটাৰকো সম্বোধন কৰিব পাৰে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এয়া বিজেপিৰ এক গুৰুত্বপূৰ্ণ প্ৰচাৰ অভিযান।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
