• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ৭ জানুৱাৰী: ১৭৮৯ চনত জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি অধিষ্ঠিত
National

ইতিহাসৰ পৃষ্ঠাত ৭ জানুৱাৰী: ১৭৮৯ চনত জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি অধিষ্ঠিত

CliQ INDIA
Last updated: January 6, 2026 12:50 pm
CliQ INDIA
Share
6 Min Read
SHARE

বৰ্ষ ১৭৮৯ৰ আজিৰ দিনটোতে আমেৰিকাৰ জনসাধাৰণে জৰ্জ ৱাশ্বিংটনক আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিবলৈ ভোটদান কৰে। এই পৰিঘটনাক কেৱল আমেৰিকাৰ ৰাজনৈতিক ইতিহাসতে নহয়, আধুনিক গণতন্ত্ৰৰ বিকাশৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।

স্বাধীনতা যুদ্ধৰ নায়ক তথা আমেৰিকান সেনাবাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ জৰ্জ ৱাশ্বিংটনে সমগ্ৰ দেশতে ব্যাপক সমৰ্থন লাভ কৰিছিল। নিৰ্বাচনৰ পিছত তেওঁ সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, যিটো আমেৰিকাৰ ইতিহাসৰ এক অনন্য উদাহৰণ। তেওঁৰ নেতৃত্বত আমেৰিকাত এক শক্তিশালী সাংবিধানিক ব্যৱস্থা, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু শাসন ব্যৱস্থাৰ ভেটি স্থাপন কৰা হয়।

জৰ্জ ৱাশ্বিংটনৰ কাৰ্যকাল নতুনকৈ গঠিত আমেৰিকান ৰিপাব্লিকৰ বাবে এক পথ প্ৰদৰ্শক আলোক হিচাপে প্ৰমাণিত হয়। তেওঁ শান্তিপূৰ্ণ ক্ষমতা হস্তান্তৰ, অসামৰিক শাসন, ৰাষ্ট্ৰপতিৰ মৰ্যাদা আদি পৰম্পৰা প্ৰতিষ্ঠা কৰিছিল, যিবোৰ আজিও আমেৰিকাৰ গণতন্ত্ৰৰ মূল শিলাস্তম্ভ হৈয়ে আছে।

মূল পৰিঘটনা

১৭৬১ – আজিৰ দিনটোতে পানীপথৰ তৃতীয় যুদ্ধত আফগান শাসক আহমদ শ্বাহ আব্দলীয়ে মাৰাঠাসকলক পৰাস্ত কৰে।

১৭৮৯ – আমেৰিকাৰ জনসাধাৰণে জৰ্জ ৱাশ্বিংটনক দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিবলৈ ভোটদান কৰে।

১৮৫৯ – মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয় চিপাহী বিদ্ৰোহত জড়িত হোৱাৰ বাবে বিচাৰ আৰম্ভ হয়।

১৯২৭ – নিউয়ৰ্ক আৰু লণ্ডনৰ মাজত প্ৰথম ট্ৰেন্স-আটলাণ্টিক বাণিজ্যিক টেলিফোন সেৱা আৰম্ভ হয়।

১৯২৯ – আজিৰ দিনটোতে মাদাৰ টেৰেছাই কলিকতাত উপস্থিত হৈ দৰিদ্ৰ আৰু অসুস্থ লোকৰ চিকিৎসাৰ কাম আৰম্ভ কৰে।

১৯৫৩ – আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনে হাইড্ৰজেন বোমা নিৰ্মাণৰ কথা ঘোষণা কৰে।

১৯৫৯ – আমেৰিকাই কিউবাত ফিডেল কাষ্ট্ৰোৰ নতুন চৰকাৰক স্বীকৃতি দিয়ে।

১৯৭২ – স্পেইনৰ ইবিজা অঞ্চলত বিমান দুৰ্ঘটনাত ১০৮ জন যাত্ৰী আৰু ৬ জন ক্ৰুৰ মৃত্যু হয়।

১৯৮০ – ইন্দিৰা গান্ধীয়ে সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে।

১৯৮৭ – কপিল দেৱে টেষ্ট ক্ৰিকেটত ৩০০ উইকেট সম্পূৰ্ণ কৰে।

১৯৮৬ – আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানে লিবিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা ঘোষণা কৰে।

১৯৮৯ – জাপানৰ সম্ৰাট হিৰোহিটোৰ মৃত্যু হয়, আকিহিটোক নতুন সম্ৰাট ঘোষণা কৰা হয়।

১৯৯৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

২০০০ – ইণ্ডোনেছিয়াৰ জাকাৰ্টাত মলুকাছ দ্বীপপুঞ্জত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ১০ হাজাৰ মুছলমানে জেহাদ ঘোষণা কৰে।

২০০৩ – জাপানে ভাৰতক উন্নয়নমূলক প্ৰকল্পত সহায়ৰ বাবে ৯০ কোটি ডলাৰৰ সাহায্য ঘোষণা কৰে।

২০০৮ – ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে বিনোদ ৰায়ক নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক হিচাপে শপত গ্ৰহণ কৰোৱায় ।

২০০৮ – ভাৰত আৰু মালয়েছিয়াই বায়ুসেনাৰ পাইলট আৰু যুদ্ধজাহাজৰ কৰ্মীক প্ৰশিক্ষণ দিয়াকে ধৰি প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ বাবে সন্মত হয়।

২০০৮ – নেল মিখাই সাকাছ উইলি পুনৰ জৰ্জিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

২০০৯ – আই টি কোম্পানী সত্যমৰ অধ্যক্ষ ৰামালিংগম ৰাজুৱে পদত্যাগ কৰে।

২০১০ – জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ঐতিহাসিক লাল চ’কৰ এখন হোটেলত ফুটা হৈ থকা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰায় ২২ ঘণ্টীয়া সংঘৰ্ষৰ অন্ত পৰে দুজন সন্ত্ৰাসবাদীক হত্যা কৰি।

২০১৫ – পেৰিছৰ চাৰ্লি হেবডো আলোচনীৰ কাৰ্যালয়ত দুজন বন্দুকধাৰীয়ে আক্ৰমণ চলাই ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১ জন আহত হয়।

২০১৫ – য়েমেনৰ ৰাজধানী ছানা চহৰৰ এখন আৰক্ষী মহাবিদ্যালয়ৰ বাহিৰত গাড়ী বোমা বিস্ফোৰণত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৩ জনতকৈ অধিক লোক আহত হয়।

২০২০ – ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে (এন পি চি আই) পেমেণ্ট দ্ৰুত আৰু সুৰক্ষিত কৰাৰ বাবে বজৰা প্লেটফৰ্ম মুকলি কৰে। এই প্লেটফৰ্মটো ব্লকচেইন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

২০২০ – ইৰাণৰ সংসদে আমেৰিকাৰ সকলো বাহিনীক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰি বিধেয়ক গৃহীত কৰে।

২০২০ – ৰবীন্দ্ৰ নাথ মহটো সৰ্বসন্মতিক্ৰমে ঝাৰখণ্ড বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়।

২০২০ – কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনীমূলক গ্ৰন্থ কৰ্মযোধ গ্ৰন্থ মুকলি কৰে।

২০২০ – কেন্দ্ৰীয় চৰকাৰে কেইবাটাও মিডিয়া হাউছক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মিডিয়া বঁটা প্ৰদান কৰে। যোগৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ অৱদানক স্বীকৃতি দিয়াৰ লক্ষ্যৰে এই বঁটা প্ৰদান কৰা হৈছে।

জন্ম

১৮৫১ – জৰ্জ আব্ৰাহাম গ্ৰীৰচন – বিখ্যাত ইতিহাসবিদ, ইংৰাজী লেখক আৰু অভিযাত্ৰী।

১৮৯৩ – আজিৰ দিনটোতে জানকী দেৱী বাজাজ – গান্ধীবাদী জীৱনশৈলীৰ এগৰাকী কঠোৰ সমৰ্থক।

১৯১৭ – আৰ কে বিজাপুৰে – ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।

১৯২২ – ফৰাচী বাঁহীবাদক পিয়েৰ ৰামপাল।

১৯৩২ – উবাইদ ছিদ্দিকী – ভাৰতীয় ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক আৰু টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ প্ৰতিষ্ঠাপক-সঞ্চালক।

১৯৩৪ – সুৰেশ চন্দ্ৰ গুপ্তা – ভাৰতীয় বিজ্ঞানী।

১৯৩৫ – শশীকলা কাকোডকাৰ – গোৱাৰ প্ৰাক্তন দ্বিতীয় মুখ্যমন্ত্ৰী।

১৯৪৭ – শোভা দে – ভাৰতীয় সাহিত্যিক।

১৯৫০ – শান্ত সিনহা – শিশু শ্ৰমিকৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় কৰ্মী।

১৯৫৫ – মমতা শংকৰ – ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৫৭ – ৰীনা ৰয় – হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৬১ – সুপ্ৰিয়া পাঠক – ভাৰতীয় অভিনেত্ৰী।

১৯৬৭ –ইৰফান খান – ভাৰতীয় হিন্দী চিনেমা আৰু টেলিভিছনৰ এজন বিখ্যাত অভিনেতা।

১৯৭৯ – বিপাশা বসু – এগৰাকী হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৮১ – আজিৰ দিনটোতে কৃষ্ণন শসিকৰণ – ভাৰতৰ এজন সুপৰিচিত দবা খেলুৱৈ।

মৃত্যু

১৯২০ – এডমাণ্ড বাৰ্টন – অষ্ট্ৰেলিয়াৰ ৰাজনীতিবিদ আৰু ন্যায়াধীশ।

১৯৪৩ – নিকোলা টেছলা – বিখ্যাত আমেৰিকান-ছাৰ্বিয়ান উদ্ভাৱক, ৱাই-ফাইৰ জনক।

১৯৬৬ – বিমল ৰায় – হিন্দী চলচ্চিত্ৰৰ এজন মহান চলচ্চিত্ৰ পৰিচালক।

১৯৭২ – জন বেৰিমেন – আমেৰিকান কবি আৰু পণ্ডিত।

১৯৮৮ – ট্ৰেভৰ হাৱাৰ্ড – ব্ৰিটিছ অভিনেতা।

১৯৮৯ – হিৰোহিটো – জাপানৰ ১২৪ সংখ্যক সম্ৰাট।

২০১৬ – মুফতি মহম্মদ ছৈইদ – ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰাক্তন নৱম মুখ্যমন্ত্ৰী আছিল।

২০১৭ – মাৰিঅ’ ছ’য়াৰেছ – পৰ্তুগালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি

২০১৮ – বলদেৱ বংশী – সমসাময়িক কবি আৰু সাহিত্যিক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সমকামী বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সংঘ আৰু ভিএইচপিৰ আদৰণি
নেতাৰ লগতে অভিনেতাসকলৰো দায়িত্ব পালন, অল্লু অৰ্জুনকে ধৰি বহু চলচ্চিত্ৰ তাৰকাৰ ভোটদান
ৰাজঘাটৰ সমীপত প্ৰতিৰক্ষা মন্ত্ৰীয়ে উন্মোচন কৰিলে ১০ ফুট ওখ ৰাষ্ট্ৰপিতাৰ প্ৰতিমূৰ্তি
বিশ্ব জয়ী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ
শ্ৰীপ্ৰকাশ জয়ছোৱালৰ মৃত্যুত কংগ্ৰেছ নেতাসকলৰ শোক প্ৰকাশ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইৰাণৰ ২৭খন প্ৰদেশত প্ৰতিবাদৰ সূত্ৰপাত, নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত ২৯জন
Next Article শোণিতপুৰৰ জৈৱ বৈচিত্ৰৰে পূৰ্ণ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত চৰকাৰী বাহিনীৰ বৃহৎ উচ্ছেদ অভিযান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?