কাছাৰ, ১৬ অক্টোবৰ (হি.স.)। কাছাৰৰ উধাৰবন্ধ বজাৰত দেওবাৰ নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বজাৰ চলি থকাৰ সময়ত হঠাৎ এগৰাকী যুৱক হাতত দা লৈ বজাৰত প্ৰবেশ কৰে ৷ বজাৰত প্ৰবেশ কৰি হঠাৎ হাতত থকা দাৰে ইজনৰ পাছত সিজনক আক্ৰমণ আৰম্ভ কৰে যুৱকজনে। ঘটনা বুজি উঠাৰ পূৰ্বেই উপস্থিত তিনিজনকৈ লোক, যুবক জনৰ দা ৰ ঘাপত গুৰুতৰ ভাবে আহত হয়৷
যুবক জনৰ সন্ত্ৰাসত বজাৰখনত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ বজাৰ এৰি পলাবলৈ আৰম্ভ কৰে উপস্থিত লোক সকলে। পিছে স্থানীয় একাংশ লোকৰ তৎপৰতাত যুবক জনক আটক কৰা হয় ৷ খৱৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষী উপস্থিত হৈ যুৱক জনক আটক কৰি লৈ যায়। আহত তিনি জনক ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি উধাৰবন্ধত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ইপিনে যুৱক জনৰ পৰিচয় এতিয়াও লাভ কৰিব পৰা হোৱা নাই আৰক্ষী। কিয় এনে কাণ্ড সংঘটিত কৰিলে এয়া লৈ সৃষ্টি হৈছে ৰহস্যৰ । যুৱক জন মানষিক বিকাৰগ্ৰস্ত কিংবা ড্ৰাগছ আসক্ত হ’ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় একাংশই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
