শিৱসাগৰ, ১৯ ডিছেম্বৰ ( হি স )। শিৱসাগৰ জিলাৰ আমগুৰিত আজি মঙলবাৰে সন্ধ্যা মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱকক আটক কৰা হয়। আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে এ.এছ ০৫ আৰ ২৭০৩ পালচাৰ আৰু এ.এছ ০৫ কিউ ৯০৯৩ স্কুটিত অহা চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে আটকাধীন যুৱক চাৰিজনৰ পৰা দুটা ৯ এম এম পিষ্টল, এটা হস্তনিৰ্মিত পিষ্টলসহ ১২ জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন চাৰিজন যুৱক ক্ৰমে জন বসুমতাৰী, যতীন বড়ো, গোপী হাজোৱাৰী আৰু শিৱ হেমব্ৰম বুলি জানিব পৰা গৈছে । চাৰিজন যুৱকৰে ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত বুলি জানিব পৰা গৈছে ।
প্ৰথম অৱস্থাত আমগুৰি আৰক্ষীয়ে যুৱক কেইজনক আলফা (স্বাধীন) ৰ সদস্য বুলি জানিবলৈ দিছিল যদিও শীৰ্ষ আৰক্ষী বিষয়াই অস্ত্ৰ সৰবৰাহকাৰী বুলি ব্যক্ত কৰাত সমগ্ৰ বিষয়টো জটিল হৈ পৰিছে । শেহতীয়াকৈ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে লক্ষাধিক টকাৰ বিনিময়ত কোনো অজ্ঞাত লোকক মাৰণাস্ত্ৰ যোগান ধৰিবলৈ আহিছিল যুৱককেইজনে। ইফালে শিৱসাগৰ উচ্চপদস্থ আৰক্ষী বিষয়া আমগুৰি থানাত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
