
ধুবুৰী, ১৯ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত আইৰকাটা মৈৰাকুছি গাঁৱত যোৱা কালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা ঘটনাই গাওঁখনত আতংকৰ সৃষ্টি হয় যদি ঘৰখনৰ কোনো মানুহৰ ক্ষয়খতি হোৱা নাই ৷
এতিয়ালৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
