শিৱসাগৰ, ০৩ আগষ্ট (হি.স.): শিৱসাগৰত যোৱা কালি শনিবাৰে সন্ধিয়া সন্দেহজনক নাগৰিক তথা বাংলাদেশী বিতাড়নৰ দাবীত কেইবাটাও জাতীয় সংগঠনে যৌথভাৱে জোঁৰ সমদল বাহিৰ কৰে। জাতীয় সংগ্ৰামী সেনা অসম, আহোম জাতীয় গণমঞ্চ, আটাছু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, অনুসূচীত জাতি ছাত্ৰ সন্থা, জাতীয় সংগ্ৰামী মহিলা পৰিষদে যৌথভাৱে উলিয়াই এই জোঁৰ সমদল।
শিৱসাগৰ ষ্টেচনচাৰি আলিস্থিত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা এই সমদল আৰম্ভ কৰি চহৰখনৰ ভিন্ন প্ৰান্তলৈ উলিয়াই এই জোঁৰ সমদল ।শীঘ্ৰেই অসমৰ পৰা বাংলাদেশীক বিতাড়নৰ দাবী উত্থাপন কৰে সংগঠন কেইটাই। অসমৰ ভিন্ন প্ৰান্তত চৰকাৰী ভূমি বেদখল কৰি থোৱা সন্দেহজনক মিঞা সকলক উচ্ছেদ কৰা কাৰ্যকো সমৰ্থন কৰে সংগঠন কেইটাই। উজনি অসমতো দেওবাৰৰ পৰা মিঞা বিৰোধী অভিযান চলোৱাৰ হুংকাৰ দিয়ে সংগঠন কেইটাই। ঠায়ে ঠায়ে চৰকাৰী ভূমি বেদখল কৰা সন্দেহজনক নাগৰিক সকলৰ ঘৰ বাৰী উচ্ছেদ চলোৱাত চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায় সংগঠন কেইটাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
