ইম্ফল, ০৩ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে যোৱা ২৪ ঘন্টাত কেইবাখনো জিলাত একেলগে চলোৱা অভিযানত মুঠ পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
নিষিদ্ধ উগ্ৰপন্থী সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ)ৰ কেডাৰ এন অমৰজিৎ সিং ওৰফে নননো (৩৭)ক ইম্ফল পূৱ জিলাৰ লাইৰিকিয়েংবাম মাখা লেকাই অঞ্চলৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। সিঙৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ, মাটিৰ বিবাদ, ধন দাবী, চিকিৎসক অপহৰণ আদি গুৰুতৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । তেওঁৰ পৰা উদ্ধাৰ কৰে মোবাইল ফোন আৰু আধাৰ কাৰ্ড।
আন এক অভিযানত ইম্ফল পূৱৰ হেংগাং থানা এলেকাৰ মন্ত্ৰীপুখৰী অঞ্চলৰ পৰা কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (এম এফ এল)ৰ ফৈদৰ সদস্য য়াইখম মোৰাম্বা সিং (২১)ক গ্ৰেপ্তাৰ কৰা হয়। সাধাৰণ মানুহৰ পৰা ধন দাবী আৰু ৰাজ্যিক বাহিনীৰ পৰা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ গোচৰত তেওঁ জড়িত আছিল। তেওঁৰ পৰা এটা বেগ, মোবাইল ফোন, আধাৰ কাৰ্ড আৰু নগদ দহ হাজাৰ টকা উদ্ধাৰ কৰে।
ইয়াৰ উপৰিও ইম্ফল পশ্চিম জিলাৰ লেংগোল টাইপ-II এলেকাৰ পৰা কেচিপি “মেজৰ” বুলি দাবী কৰা ৱাহেংবাম ইছৰিয়েল সিং ওৰফে চালাম্বা (৪৭)ক গ্ৰেপ্তাৰ কৰা হয়। বিষ্ণুপুৰ জিলাৰ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিক ভাবুকি দিছিল। আৰক্ষীয়ে তেওঁৰ পৰা এটা মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰে।
চুৰাচান্দপুৰ জিলাৰ মাটা গাঁৱৰ সমীপত এখন বলেৰো পিক আপ গাড়ীৰে গৈ থকা অৱস্থাত ৱাল ভেং গাঁৱৰ বাসিন্দা চিনলুনিয়াং (৩৯) নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ। তেওঁৰ পৰা প্ৰায় ২.৪ কিলোগ্ৰাম ৱাই ৱাই টেবলেট উদ্ধাৰ কৰা হয়।
ইয়াৰ উপৰিও কাংপকপি জিলাৰ দুটা ভিন্ন স্থানত এন ডি পি এছ আইনৰ অধীনত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত অভিযুক্তসকলৰ ভিতৰত আছে লিংনেইচং ওৰফে হেচং হান্সিং (৪২), ৰেবেকা হাওকিপ (গামগিফাই) আৰু পাওটিংকাই খংছাই (ছাইকুল)। তেওঁলোকৰ পৰা ২.৬১ কেজি ব্ৰাউন চুগাৰ, ২.৮৮ কেজি আফিং, ১৪০ গ্ৰাম গাঞ্জা, ২৩,১১০ টকা নগদ ধন আৰু ১৪টা মোবাইল জব্দ কৰে।
নিৰাপত্তা বাহিনীৰ এই কাৰ্য ৰাজ্যখনত উগ্ৰপন্থী আৰু ড্ৰাগছৰ নেটৱৰ্ক ভংগ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
