• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভূপেন হাজৰিকা-জুবিন গাৰ্গ সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন
Regional

বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভূপেন হাজৰিকা-জুবিন গাৰ্গ সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন

CliQ INDIA
Last updated: November 19, 2025 6:36 am
CliQ INDIA
Share
7 Min Read
SHARE

বক্তৃতানুস্থান-সতীৰ্থ সন্মিলন-মুকলি সভাত সোঁৱৰণ দুই মহান শিল্পীক

গুৱাহাটী, ১৮ নৱেম্বৰ (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় আলোচনা আৰু বক্তৃতানুস্থানৰ আজি সামৰণী পৰে। সতীৰ্থ সমাজৰ বাৰ্ষিক সন্মিলন , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এই অনুস্থান।

সামৰণীৰ দিনটোত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ, সতীৰ্থ সমাজৰ সভাপতি, অধ্যাপক উমেশ ডেকাই। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লীলাৱতী শইকীয়া বৰাই উদ্বোধন কৰে মুকলি সভাখন। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জবাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ভৰালীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক -সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী। তেওঁ সতীৰ্থ সমাজৰ সুন্দৰৰ পূজাৰীলৈ শ্ৰদ্ধাৰ্ঘ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।

অসমীয়া বিভাগৰ অধ্যাপক দীপামণি হালৈ মহন্তই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰি অনুৰাধা শর্মা পূজাৰীয়ে কয়, শিল্পী সাহিত্যিকে কোনেও নিবিচাৰে যে সময় স্তব্ধ হৈ যাওক। কাম কৰি যাব লাগিব। তেওঁ ভাষণ প্ৰসংগত সমাজত স্মৃতিগ্ৰন্থৰ গুৰুত্ব, ইতিহাস সন্দৰ্ভত সাৰগৰ্ভমূলক বক্তব্য প্ৰদান কৰে। ভূপেন হাজৰিকা, জুবিন গাৰ্গ ক্ষেত্ৰত একো একোটা পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে । যত ভূপেন হাজৰিকা, জুবিন গাৰ্গক লৈ ভিন্ন সময়ত প্ৰকাশিত স্মৃতিগ্ৰন্থবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি। তেওঁ পুনৰ কয় যে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সাংগীতিক ক্ষেত্ৰৰ সাংঘাতিক মিল আছে। ভূপেন হাজৰিকাই অসমীয়া গীত পৰিবেশন কৌশলৰ যিদৰে পৰিৱৰ্তন সাধন কৰিছিল, একেদৰে জুবিনে মাইকেল জেচনৰ আৰ্হিত নতুন এটা পৰিবেশন কৌশল অসমীয়া গীতি সাহিত্যলৈ বোৱাই আনিলে। যিদৰে ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱাৰ গীত গাই শ্ৰদ্ধা জনাইছিল সেইদৰে জুবিন গাৰ্গে নৱকান্ত বৰুৱাৰ গীত গাই শ্ৰদ্ধা জনাইছিল। তেওঁ কয়, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ মৃত্যু নাই।

জুবিন গাৰ্গ এজন অসাধাৰণ মানুহ। সেয়ে তেওঁৰ সকলো কথা সাধাৰণিকৰণ হব নালাগে। মুখ্য অতিথিৰ ভাষণত ডঃ শৈলেন ভাৰালীয়ে কয়,ভূপেন হাজৰিকা আমাৰ প্ৰজন্মৰ প্ৰতিনিধি আৰু জুবিন গাৰ্গ নতুন প্ৰজন্মৰ প্ৰতিনিধি। আমাৰ প্ৰজন্মৰ আটাইতকৈ জনপ্ৰিয় ভূপেন হাজৰিকা। যিয়ে এবাৰ হাজাৰিকাক লগ পাইছিল তেওঁ জানে ভূপেন হাজৰিকাৰ পণ্ডিত্ব। ইংৰাজী, অসমীয়া দুয়োটা সাহিত্যৰ বিষয়ত তেওঁৰ বুৎপত্তিয়ে আমাক আচৰিত কৰি তুলিছিল। আমাৰ জাতীয় জীৱনত এনে দিশ নাই যিটো দিশত তেওঁ বৰঙণি আগবঢ়োৱা নাই। আধুনিক গীত ক্ষনস্থায়ী বুলি কয়, কিন্তু ভূপেন হাজৰিকা ব্যতিক্ৰম। ভূপেন হাজাৰিকাক চেৰ পেলাব পৰা ব্যক্তি যে ওলোৱা নাই তাক মানিব লাগিব সকলোৱে। মানৱীয় অনুভূতিৰ লগতে বিশ্বৰ সমগ্ৰ মানৱক স্পৰ্শ কৰিব পৰা অনুভূতি সম্পন্ন গীত তেওঁ ৰচনা কৰিছে। সেয়ে সমগ্ৰ বিশ্বতে তেওঁৰ গীতক আদৰি লৈছে। ভূপেন হাজৰিকাৰ ভালেখিনি মিল আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ লগত। লক্ষ্মীনাথ বেজবিৰুৱাই বেছিভাগ সময় অসমৰ বাহিৰতে কটাইছে, কিন্তু অসমৰ গৌৰৱৰ কাহিনীহে শুনিব বিচাৰে। একেদৰে ভূপেন হাজৰিকাই জীৱনৰ সৰহ খিনি সময় বাহিৰত কটাইছিল, কিন্তু তেওঁৰ মন মগজুত অনবৰতে অসম আৰু অসমীয়া সোমাই আছিল। এই সন্দৰ্ভত তেঁও কেবাটাও গীতৰ উদাহৰণ দিয়ে। তেওঁৰ গীতত অসমৰ নদ-নদী, জনগোষ্ঠী, প্ৰাকৃতিক পৰিৱেশে স্থান লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিসীমাক লৈ বহুত গীত লিখিছিল। ইয়াৰ দ্বাৰা তেওঁ উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰিছিল। মানৱতা বোধ থাকিলেহে এজন শিল্পী মহান হয়। সাম্যবাদী -প্ৰগতিশীল মনৰ অধিকাৰী আছিল ভূপেন হাজৰিকা।

মানুহৰ দুখ বেদনা তেওঁ হৃদয়ৰে অনুভৱ কৰিব পাৰিছিল। ভূপেন হাজৰিকাৰ তুলনাত জুবিন গাৰ্গৰ খুব কম গীতহে শুনিছোঁ। জুবিনৰ মায়াবিনী গীতটোহে মই বেছি ভাল পাইছো। এইটো প্ৰেম বিষয়ক গীত। কিন্তু মই গীতটো ভাল পাইছো কাব্যিক আবেদনৰ বাবেহে। ভূপেন হাজৰিকাৰ স্থান লবলৈ আগবাঢ়ি থকা একমাত্ৰ শিল্পী জন আছিল জুবিন গাৰ্গ। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গও আছিল বহুমুখী প্ৰতিভাৰ ব্যক্তিত্ব। ৫২ বছৰ বয়সত ৩৮ হেজাৰ গীত গোৱাটো সহজ কথা নহয়। জুবিন গাৰ্গ আৰু ১০ বছৰ জীয়াই থাকিলে ভূপেন হাজাৰিকাক অতিক্ৰম কৰিলেহেঁতেন বুলি বহুতে কৈছে। মোৰ মতে নহয় । কাৰণ এজন শিল্পীয়ে কম বয়সতে সাধাৰণতে শ্ৰেষ্ঠ সৃষ্টিৰ অধকাৰী হয়। তেওঁ মাইকেল জেকচনৰ উদাহৰণ দিয়ে। মানৱতা-উদাৰতাৰ দিশত চাবলৈ গলে জুবিন গাৰ্গে ৰোগগ্ৰস্ত -দুৰ্গত জনক যিদৰে সহায় কৰিছিল, এনে মানুহ বা শিল্পী দ্বিতীয়জন হয়তো নাই।তেওঁ দৰিদ্ৰক মুক্ত হোষ্টে দান কৰিছিল। তেওঁ আছিল মানৱতাৰ পূজাৰী। বহুতে জুবিন গাৰ্গক পাগল বুলি কৈছিল। জুবিন গাৰ্গৰ ব্যক্তিত্বৰ পৰিচয় পালে অক্টোবৰ তেওঁৰ মৃত্যুৰ পিছতহে।

তেওঁ কয় যে যিদৰে ভূপেন হাজৰিকাৰ স্থান লব পৰা মানুহ এতিয়ালৈকে ওলোৱা নাই সেইদৰে জুবিন গাৰ্গৰ স্থান লব পৰা মানুহো ওলাবলৈ চাগে আৰু বহুদিন লাগিব। সতীৰ্থ সমাজৰ সম্পাদক তথা অসমীয়া বিভাগৰ অধ্যাপক বিমল মজুমদাৰে আঁত ধৰা মুকলি সভা জিলিকাব লুইতৰে পাৰ শীৰ্ষক বিশ্ববিদ্যালয় সংগীতৰে আৰম্ভ হয়। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদ আৰু সতীৰ্থ সমাজৰ কাৰ্যকৰী সভাপতি তথা অধ্যাপক কনক চন্দ্ৰ চহৰীয়াও উপস্থিত থাকে। উল্লেখযোগ্য যে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু সতীৰ্থ সমাজৰ সভাপতি অধ্যাপক উমেশ ডেকাই। স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে ভূপেন হাজৰিকাৰ বিষয়ত মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট শিল্পী কমল কটকীয়ে।

আনহাতে জুবিন গাৰ্গৰ বিষয়ক মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট অভিনেতা ৰবি শৰ্মাই। ভাষণ প্ৰসংগত কমল কটকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাক মানৱতাবাদ আৰু দেশপ্ৰেমৰ প্ৰতিভূ ব্যক্তিত্ব বুলি অভিহিত কৰে। সুধাকণ্ঠৰ এটাৰ পিছত আনটো গীতৰ বিশ্লেষণ আগবঢ়াই তেওঁ গীতসমূহৰ ৰচনাৰ পটভূমিও সুন্দৰ ৰূপত দাঙি ধৰে। আনহাতে জুবিন গাৰ্গ বিষয়ক বক্তৃতা প্ৰদান কৰি ৰবি শৰ্মাই জুবিনৰ সতে তেওঁৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰণ কৰে। নিজকে অসমীয়া হৈ গৌৰৱ অনুভৱ কৰো বুলি উল্লেখ কৰি তেওঁ কয়, মই মোৰ চিনেমাত যদি জাতিৰ কথা ,মাটিৰ কথা উপস্থাপন কৰিব নোৱাৰো ,তেতিয়া চিনেমা বনাই কি হব। ভূপেন হাজৰিকাৰ পৰা জিতুল সোনোৱাল হৈ জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ কথা উল্লেখ কৰে। তেওঁ পুনৰ কয়, জয় জুবিন দা, বুলি কেলেই, মায়াবিনী গলেই দায়িত্ব শেষ বুলি কলে নহব। কাৰণ শিল্পীৰ মৃত্যু নহয়, শিল্পী অমৰ। শিল্পীৰ জীৱন-কৰ্ম, আদৰ্শ উদযাপন কৰিব লাগিব, তেতিয়াহে শিল্পীক মৰ্য্যদা দিয়া হব । তেওঁ নতুন প্ৰজন্মক উদ্দেশ্যি কয় যে জুবিন গাৰ্গক যদি ইমান ভাল পাই, তেন্তে মদ বাদ দি দেখুৱাওক।তেওঁ পুনৰ কয়, জুবিনৰ লগত থাকি এটা কথা জানিলো- যি ভাবে তাকে কয়।

তেওঁৰ কথা বতৰাত ফিল্টাৰ নাছিল। যি নহওক, তেওঁক হেৰুৱালোঁ, কিন্তু তেওঁক জীয়াই ৰাখিব লাগিব। তেওঁৰ মৃত্যুত অসমীয়াই সমগ্ৰ বিশ্বক দেখুৱাই দিলে, অসমত শিল্পীক কি ধৰণে সন্মান দিব পাৰে। সেয়ে সহজতে ভাইৰেল হোৱাৰ ইচ্ছা নকৰি, চিৰস্থায়ী কাম কৰি যাবলৈ তেওঁ নতুন প্ৰজন্মক আহ্বান জনায়। মুকলি সভাত ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দেবেন চন্দ্ৰ দাসে। ইপিনে আজি অনুষ্ঠিত সতীৰ্থ সন্মিলন সঞ্চালনা কৰে শিক্ষাবিদ ডঃ লক্ষ্মী দাস পাঠক আৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কামালুদ্দিন আহমেদে। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলৰ গীত- মাত-কথাৰে মুখৰিত হৈ উঠা অনুষ্ঠানটোৰ শেষত সন্ধিয়া দুই মহান শিল্পীৰ স্মৰণত ৰূপায়িত হয় বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

ৰঙিয়াৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত সোধ পোচৰ বাবে ১০ জনক আটক
ধিঙৰ মুছলিম চৰত আৰক্ষীৰ গুলিচালনা
মণিপুৰঃ ড্ৰ’নৰ জৰিয়তে ধৰা পৰিল ১৩ হেক্টৰ অবৈধ আফিং খেতি
জনীয়াৰ ৰূপাকুছি পথৰ দুৰৱস্থা – HindusthanSamachar Assamese
বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডল-II ৰ জাননী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বুধবাৰে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ তম কিস্তি
Next Article ইণ্ডোনেছিয়াত ভাৰতীয় পতাকাক সন্মান কঢ়িয়ালে বডি বিল্ডাৰ বন্দনা ঠাকুৰে, আবেগ আৰু উদ্যমেৰে সোণৰ পদক লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?