কলকাতা, ০৯ জানুৱাৰী (হি.স.)। বিখ্যাত শাস্ত্ৰীয় সংগীত গায়ক উস্তাদ ৰছিদ খান (৫৫ বছৰ)ৰ মঙলবাৰে দেহাৱসান ঘটে। কলকাতা হাস্পতালত তেওঁ শেষ উশাহ লৈছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসালয়ত উপস্থিত হয়।
বেনাৰ্জীয়ে কয় যে প্ৰষ্টেট কেন্সাৰৰ বাবে কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উস্তাদ ৰছিদ খানৰ দেহাৱসান ঘটে। আমি তেওঁৰ চিকিৎসাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ কিন্তু তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে এয়া সমগ্ৰ দেশৰ লগতে সমগ্ৰ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি।
খানক ভৰ্তি কৰা ব্যক্তিগত চিকিৎসালয়খনৰ এজন বিষয়াই জনোৱা মতে, বিয়লি প্ৰায় ৩:৪৫ বজাত উস্তাদ ৰছিদ খানৰ মৃত্যু হয়। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক ইনটেনচিভ কেয়াৰ ইউনিটত লাইফ চাপৰ্ট চিষ্টেম আৰু অক্সিজেন ছাপৰ্টত ৰখা হৈছিল। যোৱা মাহত মস্তিষ্কৰ আক্ৰমণৰ ফলত সংগীত শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটিছিল।
ৰামপুৰ-সাহাচোৱান শৈলী (ঘৰানা) অন্তৰ্গত খান ইনায়ত হুছেইন খানৰ আজোপৌত্ৰ আছিল।
হিন্দুস্থান সমাচাৰ/ওম প্ৰকাশ/মনোজ
