
শ্ৰীভূমি, ২১ আগষ্ট (হি.স.)। শ্ৰীভূমি চহৰৰ আটাইতকৈ ব্যস্ততম এলেকাত এগৰাকী মহিলাৰ সৈতে ঘটিছে ভয়ংকৰ কাণ্ড। শ্ৰীভূমি চহৰৰ এঅ’চি পইন্টত মহিলাক অচেতন কৰি আ–অলংকাৰ লুটি নিয়াৰ ঘটনা সংঘটিত হয়। বুধবাৰ নিশা চহৰখনৰ আটাইতকৈ ব্যস্ত অঞ্চলটোত সংঘটিত হৈছে এই অ-অলঙ্কাৰ কাঢ়ি নিয়াৰ ঘটনা। ঘটনা স্থলীৰ পৰা নাকি দুৰত্বত আছে আৰক্ষীৰ ট্ৰেফিক পইণ্ট। লুন্ঠনকাৰিয়ে মহিলা গৰাকীৰ পৰা হাতোৰ-কাণৰ সোণৰ আ অলঙ্কাৰ সকলো বস্তু লুটি লৈ যায় । সুজানা দাস নামৰ এগৰাকী মহিলাৰ সৈতে সংঘটিত হয় এই ঘটনা।
শ্ৰীভূমি চহৰৰ সদা ব্যস্ততম এলেকাত সংঘটিত হোৱা লুন্ঠনৰ ঘটনাত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ। মহিলাগৰাকীৰ ঘৰ শ্ৰীভূমি চহৰৰ শ্ৰীনগৰ কলনীত। জানিব পৰামতে, পাথাৰকান্দি বাছ ষ্টেণ্ডৰ পৰা নিজা ঘৰ শ্ৰীনগৰ কলনীলৈ যোৱা সময়তে অচিনাকী এজন যুৱকে মহিলা গৰাকীক অচেতন কৰি হাতোৰ-কাণৰ সোণৰ সকলো আ অলঙ্কাৰ লুটি লৈ যায় ।
খবৰ পাই আৰক্ষী সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে লুন্ঠনকাৰী দুৰ্বৃত্তক কৰায়ত্ব কৰিব পৰা নাই।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
