
ধুবুৰী, ১৩ অক্টোবৰ (হি.স.): দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰিলে বিলাসীপাৰাৰ উদমাৰী গাঁৱৰ ৰূপজ্যোতি নাথে। সাধাৰণ অতি দুখিয়া ঘৰৰ লৰা ৰূপজ্যোতি নাথৰ পিতৃ চক্ৰধৰ নাথ কৃষিকামত নিয়জিত । লগতে দুটা গাই গৰু পালন কৰি গাখীৰ বিক্ৰী কৰি পৰিয়ালটো পোহ পাল দি আহিছিল। সফলতা লাভ কৰা পুত্ৰ ৰূপজ্যোতি নাথেও মানুহৰৰ ঘৰে ঘৰে গৈ গাখীৰ যোগান ধৰিছিল ।
শেহতীয়াকৈ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ ফলাফলত যেন ভাগ্যই সলনি হ’ল ৰূপজ্যোতি নাথৰ লগতে দৰিদ্ৰ পৰিয়ালটোৰ । যেন সোন হৈ জিলিকিল ৰূপজ্যোতি নাথ। নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সম-জিলাৰ অন্তৰ্গত উদমাৰী তৃতীয় খণ্ড গাওঁ খনৰ চক্ৰধৰ নাথৰ পুত্ৰ ৰূপজ্যোতি নাথে অসম আৰক্ষীৰ এছআই পদত নিযুক্তি লাভ কৰি অঞ্চলজুৰি কঢ়িয়াই আনিছে আনান্দৰ বৰ্ণা। হাঁহি বিঙিৰাইছে পিতৃ মাতৃ মূখত। উৎফুল্লিত হৈ পৰিছে গাওঁবাসীসকল। আনহাতে আন এটা গৌৰৱৰ কথা হল যে ৰূপজ্যোতি নাথে এডিআৰইৰ ফলাফলত তৃতীয় গ্ৰেড পদতো নিযুক্তি লাভ কৰে যদিওঁ অসম আৰক্ষীৰ এছআই পদত তেওঁ যোগদান কৰিব বুলি জানিবলৈ দিয়ে । সচাঁকৈ ৰূপজ্যোতি নাথৰ প্ৰতিভাই নৱপ্ৰজন্মক এইটোয়ে উদাহৰণ দিয়ে যে নিজৰ প্ৰচেষ্টা থাকিলে যে এদিন সফলতা লাভ কৰিব পৰা যায় । দৰিদ্ৰতাই যে হেঙাৰ নহয় তাৰে এক ডাঙৰ উদাহৰণ দি প্ৰমান কৰিলে ৰূপজ্যোতি নাথে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
