হোজাই, ০১ ছেপ্তেম্বৰ (হি.স.)। সমাগত ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ আশাত এইবাৰ চাকৰি এৰিলে শিক্ষক মনোৱাৰ হুছেইন ফাৰুকিয়ে। ৫৫নং ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি যুৱনেতা তথা সমাজ সেৱক আৰু শিক্ষক মনোৱাৰ হুছেইন ফাৰুকিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ আশাত এৰিলে চৰকাৰী চাকৰি। নেতা গৰাকীয়ে বিগত সময়চোৱাত বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত হৈ অনুষ্ঠান প্ৰতিষ্ঠানক সহায় সহযোগিতা আগবঢ়াই যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।
পিছে নেতা গৰাকীয়ে এইবাৰ ধিং সমষ্টিৰ ৰাইজক আৰু অধিক সেৱা কৰাৰ উদ্দেশ্যে মন মেলিছে ৰাজনৈতিক পথাৰত সপোন দেখিছে বিধায়ক হোৱাৰ।দলে প্ৰাৰ্থীত্ব দিলে ৰাইজৰ ভোটত জয়ী হৈ বিধায়ক হৈ ধিং সমষ্টিৰ ৰাইজৰ সেৱা কৰাই যুৱনেতা গৰাকীৰ মূল লক্ষ্য বুলি জানিব দিয়ে সংবাদ মাধ্যমক।পিছে যি সময়ত এটি চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰী খাব লগীয়া হৈছে নিবনুৱা যুৱক যুৱতী সেই সময়ত ৰাজনীতিৰ কাৰণে চাকৰি ত্যাগ ধিং সমষ্টিত এক চর্চাৰ বিষয় হোৱাও পৰিলক্ষিত হৈছে।
উল্লেখ্য যে,মনোৱাৰ হুছেইন ফাৰুকি বেচামাৰী এম,আই,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক আছিল। এতিয়া প্ৰশ্ন হয় ধিং সমষ্টিত বহুকেইজন কংগ্ৰেছ দলৰ নেতা প্ৰাৰ্থীত্ব প্ৰত্যাশি থকাৰ পিছতো দলে এইজন যুৱনেতাৰ দিবনে প্ৰাৰ্থীত্ব। বিলাহী জীৱন ত্যাগ কৰি ৰাজনীতিৰ জৰিয়তে ৰাইজৰ সেৱা কৰাৰ সপোন পূৰণ হবনে নেতাগৰাকীৰ সেয়া পৰৱৰ্তী সময়ত হব লক্ষ্যণীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
