যোৰহাট, ২৬ জুন (হি.স.): যোৰহাটৰ বাইপাছত যোৱাকালি বুধবাৰে সন্ধিয়া ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।
প্ৰাপ্ত তথ্য়মতে, এএছ ০৩ ভি ৫১৬৯ নম্বৰৰ মটৰ চাইকেল আৰু এএছ ০৩ এএম ৪৪৮৭ নম্বৰৰ স্কুটিৰ মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত দুয়োখন বাহনত অহা চাৰিজন আৰোহী আহত হয়। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
