মাদ্ৰিদ, ২৬ জুন (হি.স.)। বুধবাৰে এফ চি বাৰ্চিলোনাই নিশ্চিত কৰে যে ক্লাবটোৱে দুবছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত ১০ আগষ্টত নিজৰ ঐতিহাসিক ষ্টেডিয়াম কেম্প নৌলৈ ঘূৰি আহিব। ক্লাবৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি, বাৰ্চিলোনাই একেদিনাই কেম্প নৌত পৰম্পৰাগত প্ৰি-ছিজন অ’পেনাৰ খেলিব।
যোৱা দুবছৰ ধৰি কেম্প নৌত ব্যাপক পুনৰ্নিৰ্মাণৰ কাম চলি আছে, যাৰ বাবে বাৰ্চিলোনাই সাময়িকভাৱে ঘৰুৱা মেচসমূহ মণ্টজুইকৰ লুইছ কোম্পানীছ অলিম্পিক ষ্টেডিয়ামত খেলিবলগীয়া হৈছিল। কিন্তু এই ষ্টেডিয়াম অনুৰাগীৰ মাজত বৰ জনপ্ৰিয় নাছিল আৰু প্ৰায় ৫৭ হাজাৰ দৰ্শকৰ ক্ষমতা থকাৰ পিছতো প্ৰায়ে খালী দেখা গৈছিল।
বাৰ্চিলোনাই এতিয়া নিজৰ পৰম্পৰাগত ঘৰলৈ ঘূৰি আহিছে যদিও নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণৰূপে সম্পূৰ্ণ হোৱা নাই। ক্লাবে জনোৱা মতে, যিবোৰ অংশৰ ওপৰত এতিয়াও কাম বাকী আছে সেইবোৰৰ ভিতৰত আছে – নতুন থাৰ্ড ষ্টেণ্ড, ডাবল ভিআইপি ৰিং, চাল স্থাপন, কিছুমান আভ্যন্তৰীণ অংশ প্ৰস্তুত কৰা আৰু ষ্টেডিয়ামৰ চাৰিওফালে থকা অঞ্চলটো পুনৰ নিৰ্মাণ কৰা।
নিৰ্মাণৰ কাম এতিয়াও চলি থকাৰ বাবে ১০ আগষ্টত ষ্টেডিয়ামখনত প্ৰায় ৬০ হাজাৰ দৰ্শকৰ ক্ষমতা থাকিব, যিটো চূড়ান্ত ক্ষমতা ৯৯,৩৫৪ জনতকৈ কম যদিও এতিয়াও জোয়ান গেমাৰ মেচৰ বাবে প্ৰথমে অনুমান কৰা ২৫ হাজাৰ লোকৰ তুলনাত বহু ওপৰত।
বাৰ্চিলোনাৰ প্ৰত্যাৱৰ্তন অনুৰাগীৰ বাবে অত্যন্ত আনন্দৰ বিষয় হোৱাই নহয়, বৰঞ্চ ক্লাবৰ বাবে ইয়াক এক নতুন যুগৰ আৰম্ভণি বুলিও গণ্য কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
