বাক্সা,০৬ নৱেম্বৰ(হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা প্ৰকাণ্ড গঁড় পৰ্যটকৰ বাহনলৈ চোঁচা লোৱাৰ ভয়ংকৰ,শিহৰণকাৰী ঘটনা সংঘটিত হৈছে৷ মানাহৰ বাঁহবাৰী ৰেঞ্জ এলেকাৰ লতাঝাৰ বীট কেম্পৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো।
ভয়ংকৰ ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুটাকৈ পৰ্যটকৰ দলৰ৷ ধুবুৰীৰ বিলাসীপাৰাৰ পৰা পৰিয়াল সহ মানাহলৈ আহিছিল পৰ্যটকৰ দল দুটা৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰি থকা সময়তে পৰ্যটকৰ বাহনলৈ চোঁচা লয় প্ৰকাণ্ড গঁড়টোৱে৷গড়টোৰ খুণ্ডাত এখন গাড়ী বাগৰি পৰে যদিও আৰোহী কেইজনৰ কোনো হানি বিঘিনি হোৱা নায়।
হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.
