যোৰহাট, ১০ নৱেম্বৰ (হি.স.)। টঙালী বন্ধা বুলি একো কথা নাই, সদায় মই টঙালী বান্ধিয়েই থাকো,আগন্তক নিৰ্বাচনৰ বাবে মই সাজু — বিধায়ক ৰূপজ্যোতি কুৰ্মী । মৰিয়নি সমষ্টিৰ কলিয়াপানীত বিজেপি দলৰ বৃহৎ যোগদান সভা যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত ১৩নং বামুণপুখুৰী জিলা পৰিষদৰ সৌজন্যত কলিয়াপানীস্থিত ত্ৰিবেণী নাট্য সমাজৰ প্ৰেক্ষাগৃহত এখনি বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
কলিয়াপানী মণ্ডল বিজেপিৰ সভানেত্ৰী ভাৰতী বৰুৱাৰ সভাপতিত্বত তথা বামুণপুখুৰী জিলা পৰিষদৰ সদস্য সীমান্ত বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা এই যোগদান সভাত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী,যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিত শইকীয়া,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,চেলেংহাট মণ্ডলৰ সভানেত্ৰী দীপজ্যোতি গগৈ,জিলা অবিচি মৰ্চাৰ সভাপতি দীপক শইকীয়া,কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাতুল বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকি বিজেপি দলৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰে।লগতে ন কৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই হাতে হাত ধৰি আগন্তুক দিনত ৰাইজৰ হকে কাম কৰি যোৱাৰ সংকল্প লয়।উল্লেখযোগ্য যে এই সভাত কংগ্ৰেছ,অগপ দলৰ লগতে বীৰ লাচিত সেনাৰ কেইবাজনো দায়িত্বত থকা বিষয়ববীয়াই সহিতে প্ৰায় পাঁচ শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে আজি বিজেপি দলত যোগদান কৰে আৰু এই যোগদান অনাগত দিনত মৰিয়নি সমষ্টিত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি আশাবাদী বিধায়ক ৰূপজ্যোতি কুৰ্মী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
