
কামৰূপ, ০২ জানুৱাৰী (হি.স.): নৱ বৰ্ষৰ পহিলা দিনাই পুঠিমাৰী নৈৰ বুকুত যোৱাকালি বিয়লি উদ্ধাৰ হয় এটি মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী মহিলাৰ ।
বেঙুনীয়া ব্লাউজ আৰু ফুল থকা মেখেলা পৰিহিত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কমলপুৰ আৰক্ষীক খবৰ দিয়ে । পিচত কমলপুৰ আৰক্ষীয়ে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত পৰীক্ষা নীৰিক্ষা কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
