যোৰহাট, ২৪ নৱেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ পৰা নাগালেণ্ডলৈ গৈ থকা অৱস্থাত মৰিয়নি নিউ সোণোৱালত বন বিভাগে যোৱা কালি দেওবাৰে নিশা জব্দ কৰে অবৈধ বালি ভৰ্তি ডাম্পাৰ। এই ক্ষেত্ৰত মৰিয়নি শিৱপুৰৰ জনৈক টেকে নামৰ লোক জনে লাখ লাখ টকা ৰাজহ ফাকি দি বালিৰ এই অবৈধ সৰবৰাহ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰামতে, নিজৰ ঘৰতে অবৈধ ভাৱে বালি মজুত ৰাখি নিশা নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে লোকজনে। এইদৰে দেওবাৰৰ নিশা কোনো ধৰণৰ বৈধ নথি পত্ৰৰ অবিহনে এনএল ০৩ এএ ০৯৮৭ নম্বৰৰ ডাম্পাৰ খনত নাগালেণ্ডৰ জুনুপুটুলৈ বালি সৰবৰাহ কৰি থকা অৱস্থাত নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয় সমীপত বন বিভাগে জব্দ কৰে ডাম্পাৰ খন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
