মৰিগাঁও, ১৬ জুলাই (হি.স.): অসম চৰকাৰে বেদশল মুক্ত কৰা কাৰ্য্যক সমৰ্থন জনাই মৰিগাঁৱত মঙলবাৰে বিয়লি এক পদযাত্ৰাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক ধন্যবাদ জ্ঞান কৰে । ৰেলীত অংশগ্ৰহণ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ লগতে বহু মৰিগাঁও জিলা বিজেপি কৰ্মকৰ্তাসকলে।
ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, পিজিআৰ, ভিজিআৰ, জলাশয়, চৰনীয়া পথাৰ, ধাৰ্মিক আৰু ঐতিহাসিক অঞ্চল সমূহ বেদখল মুক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্রী গৰাকীৰ নেতৃত্বাধীন চৰকাৰক উৎসাহ জনাই ধন্যবাদ জ্ঞাপন কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। অসমপ্ৰেমী নাগৰিক সমাজৰ সহযোগত আৰু ভাৰতীয় জনতা পার্টি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় উক্ত কাৰ্যসূচীত। ইয়াত মৰিগাওঁ জিলা বিভিন্ন প্ৰান্তৰ পৰা স্থানী ৰাইজৰ লগতে মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, তিৱা স্বায়ত্ত পৰিষদৰ বহু কেবাজনো সদস্য লগতে ভাৰতীয় জনতা পার্টিৰ মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিতিত উচ্ছেদ অভিযানক সমৰ্থন জনোৱা লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
