চিৰাং: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত বিজনী পৌৰসভাৰ উদ্যোগত বিনামূলীয়া ১৭৮৬ খন আত্মসহায়ক গোটৰ মহিলা সকলক প্ৰ-প্ৰত্ৰ বিতৰণ কৰা হৈছে। আজি বিজনী পৌৰসভাৰ উদ্যোগত আত্মসহায়ক গোটৰ মহিলা সকলক ২লাখ ৫০ হাজাৰ টকা কৈ আৰ্থিক সাহায্যৰ বাবে বিজনীৰ শিশু উদ্যানৰ প্ৰেক্ষাগৃহত ১৭৮৬ খন বিনামূলীয়া প্ৰ- প্ৰত্ৰ বিতৰণ কৰে।
লাখপতি বাইদেউ গড়ি তোলাৰ উদেশ্যে বছৰি এক লাক্ষ টকা উপাৰ্জনেৰে প্ৰতিগৰাকীক নগৰীয়া ক্ষুদ্ৰ উদ্যোগী হিচাবে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ। আজি পুৱাৰ পৰাই আত্মসহায়ক গোটৰ মহিলা সকলে ভিৰ কৰে শিশু উদ্যানৰ প্ৰেক্ষাগৃহত। শিশু উদ্যানৰ প্ৰেক্ষাগৃহত বিনামূলীয়া প্ৰ- প্ৰত্ৰ বিতৰণৰ কাৰ্য্যসূচীত উপস্থিত থাকে বিটিআৰৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বিজনীৰ চক্ৰ বিষয়া দৰদী দেব ৰয়, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীসহ বিশিষ্ট ব্যক্তি সকল।
