• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা ৭ দিনীয়া দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ বৃহৎ আয়োজন
Regional

টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা ৭ দিনীয়া দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ বৃহৎ আয়োজন

CliQ INDIA
Last updated: December 7, 2025 8:57 am
CliQ INDIA
Share
5 Min Read
SHARE

যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা ৭ দিনীয়া দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ বৃহৎ আয়োজন।যোৰহাট জিলাৰ টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১৪ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব দ্বিতীয় টীয়ক গ্ৰন্থ মেলা। ঐতিহাসিক টীয়ক হাইস্কুল খেলপথাৰত জ্ঞানপীঠ বঁটা বিজয়ী ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী ক্ষেত্ৰত আয়োজন কৰা এই বাৰৰ গ্ৰন্থ মেলা জুবিন গাৰ্গ শ্ৰদ্ধাৰ্ঘ হিচাপে উৎসৰ্গিত কৰাৰ উপৰিও অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ বিশেষ হিচাপে আয়োজন কৰা হৈছে। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰিব লগা এই গ্ৰন্থ মেলাৰ বাকৰিত ১৪ ডিচেম্বৰৰ দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী সমাপনৰ পাছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে । ইয়াৰ পাছতে গ্ৰন্থ বিপনী দ্বাৰ উন্মোচন কৰিব প্ৰথম টীয়ক গ্ৰন্থ মেলাৰ সভাপতি তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড:অকন চন্দ্ৰ শইকীয়াই । গ্ৰন্থ মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ সভাপতি হিমেন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মমীন, কেবিনেট মন্ত্ৰী অজন্তা নেওগ, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব দূৰৰ্শনৰ যুটীয়া সঞ্চালক অংকুৰ লাহতী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে যোৰহাট জিলাৰ আয়ুক্ত জয় শিবানী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিজয় কৃষ্ণ পাচনি। এই অনুষ্ঠানতে প্ৰকাশ পাব লগা স্মাৰক গ্ৰন্থ উন্মোচন কৰিব জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা জুবিন গাৰ্গ শ্ৰদ্ধাৰ্ঘ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব বিশিষ্ট বাদ্য যন্ত্ৰী ৰাজা বৰুৱাই। অনুষ্ঠানত সন্মানীত অতিথি হিচাপে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, আমন্ত্ৰিত অতিথি হিচাপে শিল্পী প্ৰসেনজিত লাহন উপস্থিত থাকিব । ১৫ ডিচেম্বৰৰ পুৱা ১০-৩০ বজাত অনুষ্ঠিত হ’ব লগা প্ৰয়াত সাংবাদিক মৃদুল বৰুৱা সোঁৱৰণী সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয়, বিশ্ববিদ্যালয় প্ৰাইজ মাণি তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰিব নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মুকুল চন্দ্ৰ বৰাই । বিয়লি ১-১৫ বজাত ড: অনিল কুমাৰ শইকীয়া আৰু শিখা বৰা সাধনীদাৰ সোঁৱৰণী আলাপ অনুষ্ঠান। আলাপৰ বিষয়- সাহিত্য, গ্ৰন্থ আৰু পাঠক । বিয়লি ৪-৩০ বজাৰ পৰা গ্ৰন্থৰ সুৱাসত সৃষ্টিৰ আখৰা শীৰ্ষক বিদ্যালয় সমূহৰ দলীয় প্ৰতিযোগিতা । ১৬ ডিচেম্বৰত পুৱা ১১-৩০ বজাত প্ৰয়াত অশোক কুমাৰ বৰা সোঁৱৰণী শিক্ষা গুৰু সন্মিলন । কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক তুফেল জিলানীৰ পৰিচালনাত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত শিক্ষক প্ৰতিনিধি, কেইবাটাও শিক্ষক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

এই অনুষ্ঠানত অনান্য সকলৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিয়লি ২-০০ বজাত প্ৰয়াত অনন্ত তামুলী সোঁৱৰণী সাংবাদিক সন্মিলন আৰু বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ’ব গ্ৰন্থৰ সুবাসত সৃষ্টিৰ আখৰা শীৰ্ষক বিদ্যালয় সমূহৰ মাজত দলীয় প্ৰতিযোগিতা। ১৭ ডিচেম্বৰত পুৱা ১০-৩০ বজাত প্ৰয়াত ৰবিন দুৱৰা আৰু কবি অজিত কুমাৰ বৰদলৈ সোঁৱৰণী প্ৰদৰ্শনীমূলক বক্তৃতা প্ৰতিযোগিতা , বিয়লি ২-০০ বজাত সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী আৰু ড: কৃষ্ণ কুমাৰ মিশ্ৰ সোঁৱৰণী সাহিত্য সমাবেশ আৰু বিয়লি ৪-০০ বজাত গ্ৰন্থৰ সুবাসত সৃষ্টিৰ আখৰা শীৰ্ষক বিদ্যালয় সমূহৰ মাজত দলীয় প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব টীয়ক শাখা সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ১১-০০ বজাত যুৱ সন্মিলন আৰু বিয়লি ১-০০ বজাত যুৱ সভা অনুষ্ঠিত হ’ব । বিয়লি ৪-০০বজাত সত্ৰীয়া নৃত্য গীতৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব।

১৯ ডিচেম্বৰত দিনৰ ১ বজাত উদ্যোগী সন্মিলন, বিয়লি ২-০০ বজাত সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ শতবৰ্ষীয় শ্ৰদ্ধাৰ্ঘ জনগোষ্ঠীয় সমাৰোহ। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড: পিতাম্বৰ দেৱ গোস্বামীয়ে উদ্বোধন কৰিব লগা এই সমাৰোহত মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক ৰমাকান্ত দেউৰী, ড:তুলিৰাম ৰংহাং, পৰমানন্দ চায়েঙীয়া, কুমুদ কছাৰী, পুৰুষোত্তম দলে, মনভি বে ৰংপি, ডাঃ নৰোত্তম সোনোৱাল উপস্থিত থাকিব । ২০ ডিচেম্বৰত সামৰণি পৰিব লগা গ্ৰন্থ মেলাৰ বাকৰিত উক্ত দিনা দিনৰ ১-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১-৪৫ বজাৰ পৰা অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু পিয়ুষ হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। গ্ৰন্থ মেলাৰ বাকৰিত আটাইকেইটা দিনতে সকলো ৰাইজৰ উপস্থিতি আয়োজক সকলে আন্তৰিকতাৰে কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

You Might Also Like

চাপৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মম শিখা সমদল
নিষ্ক্ৰীয় কৰা হৈছে গোলাঘাটত উদ্ধাৰ হোৱা আইইডি বোমা | BulletsIn
বিহুৰ আনন্দ উল্লাসৰ মাজতেই ৰূপহীহাটৰ নম্বৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
ঘাৰমুৰাত চুৰি হোৱা সাতটা গৰু হাইলাকান্দিত উদ্ধাৰ
প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেন হোৱাৰ অভিযোগ শালবাৰী জিলা বি পি এফৰ নেতাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দাখিল হ’ব চাৰ্জশ্বীটঃ এছ আই টিৰ মুৰব্বী
Next Article মানকাচৰত ড্ৰাগছৰ সৈতে আটক এজন যোগানকাৰী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?