গোলাঘাট, ২৯ জুন (হি.স.): গোলাঘাট জিলাৰ মৰঙি মৌজাত দৈনিক অতি ভয়াৱহভাৱে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত। নিতৌ ন ন অঞ্চলত বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ । খাদ্যৰ সন্ধানত অহা এটা তিনিজনীয়া দলৰ পৰা ফালৰি কাটি অহা এটা ভোকাতুৰ বন্যহস্তীয়ে এফালৰ পৰা মহতিয়াই বাসগৃহ।
যোৱাকালি শনিবাৰে নিশাও মৰঙিৰ পানীকৰা গাঁৱত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। নিশা অহা ভোকাতুৰ হাতীয়ে খাদ্যৰ সন্ধান কৰি ভাঙি লণ্ড ভণ্ড কৰে তিনিটাকৈ বাসগৃহ। কথমপি প্ৰাণৰক্ষা পৰে এটি পৰিয়ালৰ মাতৃ কন্যাৰ। ৰাইজে শীঘ্ৰে বন বিভাগ তথা চৰকাৰক হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিজ্ঞানসন্মত এক ফলপ্ৰসূ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
