মৰিগাঁও, ০২ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। পথ দূৰ্ঘটনাটোত ৰাজিব খাঠনিয়া নামৰ ব্যক্তিজন চাইকেলেৰে আহি থকা অৱস্থাত পিছ ফালৰ খুন্দামাৰি গুৰুতৰভাৱে আহত কৰে। বাইকত দুজন জন উদণ্ড যুৱক উঠি সংঘটিত কৰে এই ভয়ংকৰ পথ দূৰ্ঘটনা।
দূৰ্ঘটনা সংঘটিত কৰা ৰয়েল এনফিল্ড হিমালয়া বাইক খনৰ নম্বৰ এএছ ২১ এম ৫১৬৫ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দূৰ্ঘটনাত পতিত হোৱা দুজনৰ অৱস্থা অতি সংকটজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে মৰিগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।
