ইম্ফল, ২৯ জুন (হি.স.): ইম্ফল পূব জিলাৰ ইৰিলবুং থানাৰ অধীনস্থ টিবি হাস্পতালৰ ওচৰৰ ঙাৰিয়ান ওভাৰ হিলৰ পাদদেশত চলোৱা এখন ডাঙৰ অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে।
ৰবিবাৰে এগৰাকী আৰক্ষী মুখপাত্ৰই জনোৱা মতে, উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা .৩০৩ ৰাইফল (মেগাজিনসহ), তিনি খন ১২ বোৰৰ ডাবল বেৰেল বন্দুক, ১২ বোৰৰ ৭৩ ৰাউণ্ড জীৱিত কাৰ্ট্ৰিজ, দুটা লাঠোদ শেল, এটা নম্বৰ ৩৬ হেণ্ড গ্ৰেনেড (আর্মিং ৰিংসহ), তিনিটা .৩০৩ জীবিত কাৰ্ট্ৰিজ, দুটা বুলেট প্ৰুফ প্লেট, এটা হেলমেট আৰু এখন বুলেট প্ৰুফ জেকেট।
নিৰাপত্তা সংস্থাসমূহে এই অস্ত্ৰসমূহ ক’ৰ পৰা আহিল আৰু কি উদ্দেশ্যে লুকুৱাই ৰখা হৈছিল, সেই সন্দৰ্ভত অনুসন্ধান চলাই আছে। অঞ্চলটোৰ ভিতৰত সক্ৰিয় অসামাজিক উপাদানবিৰোধী প্ৰচেষ্টাৰ ক্ষেত্ৰত এই উদ্ধাৰক উল্লেখযোগ্য সফলতা হিচাপে বিবেচনা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ
