
ধুবুৰী, ৩০ জুলাই (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে। যোৱাকালি মঙলবাৰে নিশা বানিয়াপাৰা গৌৰাং দলঙৰ ওপৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক হয় দুটা সৰবৰাহকাৰী | ধৃত সৰবৰাহকাৰী দুটা মহিবুল হক আৰু আব্দুল খালেক বুলি পৰিচয় পোৱা গৈছে |
নিশা চলোৱা অভিযানত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে এএছ ১৭ এল ৯২৩১ নম্বৰৰ বাইক এখন উদ্ধাৰ কৰে । গৌৰাং নৈৰ দলং খনৰ ওপৰত দীৰ্ঘ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
