
বাক্সা, ০৫ জুলাই (হি.স.): বিচিটি নিৰ্বাচনক লৈ শাসকীয় পক্ষৰ তৎপৰতা অব্য়াহত আছে। বাক্সাৰ জালাহত কালি বিয়লি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া। তেওঁ কয় যে বিটিআৰত কোনো ৰাজনৈতিক দলৰ অধিকাৰ কাৰি অনা বা দখল কৰাৰ অভিপ্ৰায় নাই বিজেপিৰ। বিটিআৰক শক্তিশালী আৰু সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰেহে বিটিআৰত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে।
আজি জালাহত অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকৰ্তা সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয় সভাপতি দিলীপ শইকীয়াই। ৰাইজে ভাৰতীয় জনতা পার্টিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে বুলি মন্তব্য দিলীপ শইকীয়াৰ। ৩৫ লক্ষ্য বিটিআৰবাসীক সুশাসন প্ৰদান কৰিব পাৰোঁ। স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে শক্তিশালী কৰিব পাৰোঁ। সেই লক্ষ্য সন্মুখত ৰাখি আমি আগবাঢ়িছোঁ। বিটিচি নিৰ্বাচনৰ বাবে এক প্ৰকাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
