দামোহ, ২৮ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি শনিবাৰে মধ্যপ্ৰদেশৰ বুণ্ডেলখণ্ড অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাব । প্ৰিয়ংকাই দামোহ জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থনত এখন ৰাজহুৱা সভাত ভাষণ দিব। লগতে উপস্থিত থাকিব ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কমল নাথ।
মধ্যপ্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰিকা প্ৰসাদ দ্বিবেদীয়ে কয় যে প্ৰিয়ংকা ৰাতিপুৱা ১১:০০ বজাত দামোহত উপস্থিত হ’ব। তেওঁৰ ৰাজহুৱা সভা ইয়াত মহাৰাণা প্ৰতাপ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়েও ইয়াত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ ঘোষণাৰ পিছত প্ৰিয়ংকাৰ এইটোৱেই প্ৰথম বুণ্ডেলখণ্ড অঞ্চল ভ্ৰমণ।
হিন্দুস্থান সমাচাৰ / মুকেশ/মনোজ
