দক্ষিণ শালমাৰা মানকাচৰ, ০৩ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত যোৱাকালি মঙলবাৰে বিয়লি পানকাটা গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত বিশেষ ভোটাৰ সজাগতা সভা অনুস্থিত কৰা হয়। পাহাৰীয়া ৰাইজৰ মাজত ভোটৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়।
উক্ত সজাগতা সভাত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নিৰ্বাচনী বিষয়া কিষান চৰৈ ত্ৰিপুৰা, পানকাটা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰশিতা হাজং, বিএলও ছুপাৰভাইজাৰ আব্দুল গণি আকন্দ এই সন্দৰ্ভত আলোকপাত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
